ধেমাজি,২৫জুনঃ সদ্য ঘোষিত উচ্চতৰ মাধ্যমিকৰ ফলাফলত কলা শাখাত অসমৰ ভিতৰতে পঞ্চম স্থান অধিকাৰ কৰিছে ধেমাজি প্লাবিক একাডেমীৰ ছাত্ৰ শৰৎ শইকীয়াই ৷ ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হ‘ব খোজা কৃতী ছাত্ৰজনে শতকৰা ৯৪.২ শতাংশ নম্বৰ সহ ৰাজনীতি বিজ্ঞান বিষয়ত সৰ্বোচ্চ নম্বৰ লাভ কৰিছে ৷
কলা শাখাত পঞ্চম স্থানেৰে উজলিল ধেমাজিৰ শৰৎ শইকীয়া - উচ্চতৰ মাধ্যমিকৰ ফলাফল
ভবিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হ‘ব খোজে পঞ্চম স্থান অধিকাৰ কৰা ধেমাজি প্লাবিক একাডেমীৰ ছাত্ৰ শৰৎ শইকীয়া ৷
কলা শাখাত পঞ্চম স্থানেৰে উজলিল ধেমাজিৰ শৰৎ শইকীয়াই
উল্লেখযোগ্য যে, পিতৃ মাতৃহীন ছাত্ৰজনৰ পঢ়াশুনাৰ খৰছ ধেমাজি পাব্লিক একাডেমীয়ে বিনামূলীয়াকৈ বহন কৰিছিল ৷ ছাত্ৰজনৰ সফলতাত আজি একাডেমীখনত উৎসৱমুখৰ পৰিবেশ সৃষ্টি হৈছে আৰু ধেমাজিৰ বিভিন্ন দল সংগঠনে ছাত্ৰ জনক বিপুল সম্বৰ্ধনা জনোৱাৰ লগতে অভিন্দন জ্ঞাপন কৰে ৷
লগতে পঢ়কঃ 469নম্বৰেৰে সপ্তম স্থানত উজলিল গোলাঘাটৰ অমিতেশ নাথ