অসম

assam

ETV Bharat / state

জোনাইত খচৰা ভোটাৰ তালিকাত 2808 গৰাকী ডি-ভোটাৰ চিনাক্ত - ভোট কেন্দ্ৰ

জোনাইত খচৰা ভোটাৰ তালিকা প্ৰকাশ ৷ ১১৪ নং জোনাই বিধান সভা সমষ্টিত ১,৫৩,৫৫৬ গৰাকী পুৰুষ আৰু ১,৪৭,৬৩৫ গৰাকী মহিলা ভোটাৰসহ মুঠ ৩,০১,১৯১ গৰাকী ভোটাৰৰ নাম খচৰাত অন্তৰ্ভুক্ত হৈছে ৷ ডি-ভোটাৰৰ সংখ্যাা ২৮০৮ গৰাকী

2808 nos found as d-voter at jonai draft voter list
2808 nos found as d-voter at jonai draft voter list

By

Published : Nov 18, 2020, 9:39 PM IST

জোনাই ১৮ নৱেম্বৰ : জোনাই মহকুমাধিপতি আৰু নিৰ্বাচনী বিষয়াই বুধবাৰে জোনাই সমষ্টিৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ খচৰা ভোটাৰ তালিকা-২০২১ প্ৰকাশ কৰে ৷
এই উদ্দেশ্যে মহকুমাধিপতিৰ সভাকক্ষত বিভিন্ন ৰাজনৈতিক দলৰ নেতা কৰ্মী সৈতে সভা অনুষ্ঠিত কৰে মহকুমাধিপতি জিমলি শইকীয়া কাকতিয়ে ৷ তেওঁ সদৰি কৰা মতে ১১৪ নং জোনাই বিধান সভা সমষ্টিত ১,৫৩,৫৫৬ গৰাকী পুৰুষ আৰু ১,৪৭,৬৩৫ গৰাকী মহিলা ভোটাৰসহ মুঠ ৩,০১,১৯১ গৰাকী ভোটাৰৰ নাম খচৰাত অন্তৰ্ভুক্ত হৈছে ৷

ক’ভিড -১৯ ৰ প্ৰতি লক্ষ্য ৰাখি এইবেলি মহকুমাটোত এক হাজাৰতকৈ অধিক ভোটাৰ থকা ভোট কেন্দ্ৰ সমূহক বিভক্ত কৰা হ’ব ৷ তদুপৰি মহকুমাটোত নতুন দুটা ভোট কেন্দ্ৰ সংযোগ কৰি মুঠ ৩৫২ টা ভোট কেন্দ্ৰ কৰা হৈছে ৷ নিৰ্বাচনী বিষয়া গায়ত্ৰী পাটিৰ আৰু মহকুমাধিপতিৰ উপস্থিত থকা সভাত জোনাই সমষ্টিত ১২৭৫ গৰাকী মহিলা আৰু ১৫৩৩ গৰাকী পুৰুষসহ মুঠ ২৮০৮ গৰাকী ডি-ভোটাৰ থকা বুলি জনাইছে নিৰ্বাচনী বিষয়াই ৷

উল্লেখযোগ্য যে, প্ৰকাশিত খচৰা ভোটাৰ তালিকাৰ সন্দৰ্ভত দাবী আৰু নিষ্পত্তিৰ বাবে চলিত বৰ্ষৰ ১৮ নৱেম্বৰ পৰা ১৫ ডিচেম্বৰলৈ আবেদনৰ দিন ধাৰ্য কৰা হৈছে ৷ ইয়াৰ উপৰিও এই দাবী নিষ্পত্তি ডিচেম্বৰ মাহৰ ভিতৰত সম্পূৰ্ণ কৰাৰ পিচত অহা ২০২১ চনৰ ১৫ জানুৱাৰীত চূড়ান্ত ভোটাৰ তালিকা প্ৰকাশ কৰা হ’ব বুলি মহকুমা নিৰ্বাচনী বিষয়া গায়ত্ৰী পাটিৰে সদৰি কৰে ৷

লগতে পঢ়ক :একালৰ সতীৰ্থই মিছলীয়া আখ্যা দিলে নৱ শৰণীয়াক

ABOUT THE AUTHOR

...view details