ধেমাজি , ১৫ জুনঃ ধেমাজিত কোৱাৰেণ্টাইন কেন্দ্ৰৰ পৰা আনুষ্ঠানিতভাবে মুকলি কৰি দিয়ে স্বাস্থ্য কৰ্মী সকলক ৷ ধেমাজিৰ টুৰিষ্ট লজত কোৱাৰেণ্টাইন হৈ আছিল স্বাস্থ্য কৰ্মী সকল ৷
উল্লেখ্য যে, কৰণা ভাইৰাছৰ বিৰুদ্ধে ধেমাজিত কেইবাজনো চিকিৎসকলৰ লগতে স্বাস্থ্য কৰ্মীয়ে সেৱা আগবঢ়াই আহিছিল ৷ ফলত তেওঁলোকৰ স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰাৰ লগতে প্ৰথমটো 13 জনীয়া দল ধেমাজি টুৰিষ্ট লজত ৭ দিনৰ বাবে কোৱাৰেণ্টাইনৰ ব্যৱস্থা কৰে প্ৰশাসনে ৷ কোৱাৰেণ্টাইন হৈ থকা ধেমাজিৰ চিকিৎসক আৰু নাৰ্চৰ ১৩ জনীয়া দলটোক সোমবাৰে আনুষ্ঠানিকভাবে মুকলি কৰি দিয়ে ৷