ধেমাজি,5নৱেম্বৰ:ধেমাজিত আৰক্ষীৰ হাতৰ পৰা দিন দুপৰতে চিলনী চোৰে কাঢ়ি নিলে নগদ ১০ লাখ টকা ৷ ভূপেন চেতিয়া নামৰ আৰক্ষী কনিষ্টবলজনে ধনখিনি বাইকত লৈ যোৱাৰ সময়তে চোৰে কাঢ়ি লৈ যায় ধনখিনি ৷
প্ৰাপ্ত তথ্য অনুসৰি, ষ্টেত বেংকৰ পৰা ১০ লাখ টকাৰ লোন লৈ সেই টকাখিনি ভূপেন চেতিয়া নামৰ আৰক্ষী কনিষ্টবলজনে আনিছিল বুলি জানিব পৰা গৈছে ৷ আৰক্ষী কনিষ্টবলজনে জনোৱা অনুসৰি, UBI বেংকৰ সন্মুখত ৰৈ থাকোতেই দুজন লোকে বাইকত আহি টকা ভৰ্তি বেগটো লৈ উধাও হয় ৷