মঙলদৈ, 30 নৱেম্বৰঃ শনিবাৰে মঙলদৈৰ বঙলাগড় চাহ বাগিচাত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হয় ৷ ডাইনীৰ সন্দেহত এগৰাকী মহিলাক নিৰ্মমভাৱে অত্যাচাৰ কৰা হয় ৷ চাহ বাগিচাখনৰ আদিবাসী লোক সকলৰ মাজত এই ঘটনা সংঘটিত হয় ৷ নিৰ্মমভাবে অত্যাচাৰ কৰাৰ ঘটনা নিজ মুখেৰেই স্বীকাৰ কৰিলে উক্ত অঞ্চলৰ ৰাইজে ৷
মঙলদৈত ডাইনীৰ সন্দেহত মহিলাক নিৰ্যাতন - মঙলদৈৰ বঙলাগড় চাহ বাগিচা
কিশোৰটিৰ মৃত্যুৰ কাৰণ ভুক্তভোগী মহিলা গৰাকী বুলি বাগিচাৰ লোক সকলে সন্দেহ কৰে ৷ আৰু মহিলা গৰাকীক ডাইনী বুলি সন্দেহ কৰি উন্মত্ত ৰাইজে তেওঁক নিৰ্মমভাৱে অত্যাচাৰ কৰে ৷
তথ্য অনুসৰি, কিছু দিনৰ আগতে বাগিচখনৰ ভিতৰৰ এটা পৰিয়ালৰ এজন কিশোৰৰ অসুস্থ হৈছিল ৷ বহু চিকিৎসক বেজ কবিৰাজক দেখুৱাৰ পিচতো কিশোৰটি সুস্থ হৈ উঠা নাছিল আৰু শেষত কিশোৰটিৰ মৃত্যুৰ মুখত পৰে ৷ কিশোৰটিৰ মৃত্যুৰ কাৰণ ভুক্তভোগী মহিলা গৰাকী বুলি বাগিচাৰ লোক সকলে সন্দেহ কৰে ৷ যাৰ বাবে মহিলা গৰাকীক ডাইনী বুলি সন্দেহ কৰি উন্মত্ত ৰাইজে তেওঁক নিৰ্মমভাৱে অত্যাচাৰ কৰে ৷
অৱশ্যে উক্ত অঞ্চলৰে একাংশ সচেতন ৰাইজে মহিলা গৰাকীক উদ্ধাৰ কৰি মঙলদৈ আৰক্ষীক খবৰ দিয়ে ৷ ইপিনে ঘটনাস্থলীৰ পৰা নাতি দূৰতে থকা মঙলদৈ থানাৰ পৰা আৰক্ষী ঘটলাস্থলীত গৈ পাওঁতেও যথেষ্ট পলম হয় বুলি সচেতন ৰাইজে অভিযোগ কৰে ৷ সম্প্ৰতি মহিলা গৰাকীক আৰক্ষীৰ থানাতে ৰখা হৈছে ৷