দৰং,10 মে': মঙলদৈত দুই নং ৱাৰ্ডৰ এটা পৰিয়ালৰ দুৰৱস্থা। দৰিদ্ৰতাই শিক্ষা গ্ৰহণৰ পথত প্ৰাচীৰ হৈ থিয় দিছে এগৰাকী ছাত্ৰীৰ ৷ দৰিদ্ৰ লোকৰ সাহাৰ্যৰ বাবে প্ৰস্তুত কৰা চৰকাৰী আঁচনিসমূহে স্পৰ্শ কৰিবনে পৰিয়ালটোক ?
মঙলদৈ চহৰৰ দুই নং ৱাৰ্ডৰ এটি পৰিয়াল। বৰষুণ দিলে পানী পৰা এটা ভগা পঁজা। দুবেলা দুমুঠি খাবলৈ অভাৱ। প্ৰায় দহ বছৰ আগতে মৃত্যুক সাৱটি লয় দশম শ্ৰেণীত পঢ়ি থকা পূজা দাসৰ পিতৃ হৰিপদ দাসে। মাতৃ সুদেৱী দাসে নিতৌ মুৰি, লাৰু বিক্ৰী কোনো মতে পোহপাল দিছে পৰিয়ালটো। কিন্তু এতিয়াও কোনো ধৰণৰ চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰা নাই পৰিয়ালটোৱে ৷ নাই কোনো চৰকাৰী বিজুলী বাতি,ঘৰ, নাই কোনো চৰকাৰী ৰন্ধন গেছৰ ব্যবস্থা ৷