অসম

assam

ETV Bharat / state

আলফা(স্বা)-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত মন্তব্য অনুপ চেতিয়াৰ - আলফা(স্বা)-চৰকাৰৰ শান্তি আলোচনা

বিগত মাৰ্চ মাহৰ পৰা স্থবিৰ হৈ আছে আলফা(স্বা)-চৰকাৰৰ শান্তি আলোচনা ৷ ওদালগুৰি জিলাৰ টংলাৰ অন্তৰ্গত কছাৰীতল গাঁৱৰ এক কাৰ্যসূচীত উপস্থিত থাকি আলফা(স্বা)-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে আলোচনাপন্থী আলফা(স্বা) নেতা অনুপ চেতিয়াই ৷

আলফা(স্বা)-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত মন্তব্য অনুপ চেতিয়াৰ
আলফা(স্বা)-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত মন্তব্য অনুপ চেতিয়াৰ

By

Published : Jan 8, 2021, 11:55 AM IST

দৰং, 8 জানুৱাৰী:আলফা(স্বা)-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰিলে আলোচনাপন্থী আলফা (স্বা) নেতা অনুপ চেতিয়াই ৷ সংবাদ মাধ্যমযোগে তেওঁ স্বীকাৰ কৰে যে, বিগত মাৰ্চ মাহৰ পৰা স্থবিৰ হৈ আছে শান্তি আলোচনাৰ বিষয়টো ৷ আনহাতে আলফাৰ মধ্যস্থতাকাৰী এ.বি মাথুৰৰো কাৰ্যকাল বিগত বৰ্ষটোতে সমাপ্ত হৈছে বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে ৷ পুনৰ যাতে আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰে তাৰ বাবে তেওঁলোকে কূটনৈতিক প্ৰক্ৰিয়া অব্যাহত ৰাখিছে বুলিও উল্লেখ কৰে অনুপ চেতিয়াই ৷

আলফা(স্বা)-চৰকাৰৰ শান্তি আলোচনা সন্দৰ্ভত মন্তব্য অনুপ চেতিয়াৰ

বিধানসভা নিৰ্বাচনৰ পূৰ্বেই আলফা(স্বা)ৰ সৈতে ভাৰত চৰকাৰে আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰি এটা পৰিৱেশ গঢ়ি তুলিব বুলি তেওঁলোকে আশা কৰিছিল যদিও সেইয়া সম্ভৱ হৈ নুঠিল বুলি মন্তব্য কৰে আলোচনাপন্থী আলফা (স্বা) নেতাগৰাকীয়ে ৷ যাৰ বাবে নেতাগৰাকীয়ে সংবাদ মাধ্যমযোগে ভাৰত তথা অসম চৰকাৰক আহ্বান জনায় যে, তেওঁলোকে যাতে আলফাৰ (স্বা) ৰ সৈতে চুক্তি বা আলোচনা কৰি দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ লগতে চৰকাৰৰো যেন হাত শক্তিশালী কৰি তোলে ৷

ইয়াৰোপৰি তেওঁ কয়, এই ক্ষেত্ৰত পৰেশ বৰুৱাৰ ভুমিকা উল্লেখনীয়ভাৱে নাথাকে ৷ কিয়নো তেওঁলোক এতিয়াও শান্তি আলোচনালৈ অহা নাই ৷ কিন্তু আলোচনাপন্থী নেতাসকলৰ সৈতে চুক্তি কৰিলে অসমলৈ শান্তি ঘুৰি আহিব বুলি অনুপ চেতিয়াই আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক:ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিৰুদ্ধে সৰৱ শিক্ষক সমাজ

ABOUT THE AUTHOR

...view details