লুইতৰ বুকুত পুনৰ ফেৰীৰ অঘটন
গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ মাজত অঘটন । নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ ঢৌ মাৰ নাযাওঁতেই আন এক ভয়াৱহ পৰিস্থিতিয়ে লুইতৰ বুকুত যাত্ৰীৰ প্ৰাণৰ প্ৰতি কঢ়িয়াই আনিলে ভাবুকি ৷
ঐতিহাসিক পৰম্পৰাৰে কামাখ্যাত অনুষ্ঠিত দুৰ্গোৎসৱ
ঐতিহাসিক পৰম্পৰাগত ধৰ্মীয় ৰীতি-নীতিৰে সোমবাৰৰ পৰা কামাখ্যা দেৱালয়ত আয়োজন কৰা হৈছে শাৰদীয় দুৰ্গোৎসৱ ৷ দুৰ্গা পূজাৰ সময়ত মা কামাখ্যাৰ আশীষ ল’বলৈ দেৱালয়লৈ সমাগম ঘটিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা ভক্তৰ । দেৱালয়ৰ বৰদলৈ মোহিত চন্দ্ৰ শৰ্মাই সদৰী কৰা অনুসৰি, চৰকাৰে জাৰি কৰা সম্পূৰ্ণ ক’ভিড নীতি-নিয়ম মানি এইবাৰো কামাখ্যা দেৱালয়ত দুৰ্গা পূজা অনুষ্ঠিত কৰা হৈছে । কামাখ্যাৰ মূলপীঠতে আয়োজন কৰা হয় দুৰ্গা পূজাৰ । দেৱালয়ত মূৰ্তি পূজা কৰা নহয় আৰু সেয়ে মূৰ্তি বিসৰ্জনো কৰা নহয় । দুৰ্গা পূজাৰ অংশ হিচাপে নৱৰাত্ৰিৰ পৰা কুমাৰী পূজা আৰম্ভ হৈছে । মুঠ ৪৫ গৰাকী কুমাৰীক পূজা কৰা হ’ব । পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি বলি-বিধানো দিয়া হ’ব । দেৱালয়ৰ তৰফৰ পৰা সপ্তমীৰ পৰা নৱমীলৈ ৪ টা ম’হ বলি দিয়া হ’ব ৷ ৰাইজৰ ফালৰ পৰা কিমান ম’হ বলি দিয়া হ’ব এতিয়ালৈ দেৱালয় কৰ্তৃপক্ষৰ হাতত হিচাপ নাই । তেওঁ লগতে এইবাৰ ক’ভিডৰ বাবে আগতকৈ ভক্তৰ সংখ্যা হ্ৰাস পোৱা বুলি জানিবলৈ দিয়ে ৷
শ্বিলঙৰ পঞ্জাৱী লেনৰ স্থানান্তৰৰ বিৰোধিতা শিখ সকলৰ
মেঘালয় চৰকাৰে ৰাজ্যখনৰ পঞ্জাৱী লেনত বাস কৰা লোকসকলক অন্য ঠাইলৈ স্থানান্তৰৰ সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে ইয়াৰ বাসিন্দাসকল ৷ মেঘালয় চৰকাৰৰ এই অবৈধ, বে-আইনী আৰু অনৈতিক কাৰ্যক সমৰ্থন নকৰাৰ হুংকাৰ শিখ লোকসকলৰ ৷
পিছুৱাই দিয়া হৈছে ৰাজ্যিক টেট পৰীক্ষা
2021 বৰ্ষৰ নিম্ন প্ৰাথমিক আৰু উচ্চ প্ৰাথমিকৰ টেট পৰীক্ষা(TET) চলিত বৰ্ষৰ 31 অক্টোবৰত অনুষ্ঠিত হ’ব ৷ পূৰ্বে 24 অক্টোবৰত অনুষ্ঠিত হোৱাৰ কথা আছিল ৰাজ্যৰ টেট পৰীক্ষা ৷
পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিয়ে চিন্তাত পেলাইছে সাধাৰণ জনতাক
পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে জ্বলা-কলা খুৱাইছে সাধাৰণ জনতাক । তাৰমাজতে অৱশেষত পেট্ৰ’লৰ মূল্যই শতকৰ ঘৰ অতিক্ৰম কৰিলে । ইপিনে ৰঙিয়া পৰা প্ৰায় ৫০ কিলোমিটাৰ আঁতৰৰ চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত পেট্ৰ’লৰ মূল্য প্ৰতি লিটাৰত ৪৯.৫৬ টকা । কিন্তু ৰঙিয়াত প্ৰতি লিটাৰত পেট্ৰ’লৰ মূল্য হৈছেগৈ ১০০.৭৬ টকা । যাৰবাবে পূজাৰ বতৰত সাধাৰণ শ্ৰেণীৰ লোকসকলৰ উপায় নোহোৱা হৈছে । পৰিয়াল পোহপাল দিব নে নিজৰ দুচকীয়া বাহনত পেট্ৰ’ল ভৰাব তাক লৈ চিন্তিত হৈ পৰিছে সাধাৰণ জনতা । ইফালে ৰাজ্য চৰকাৰে পেট্ৰ’লৰ মূল্য ৰোধ কৰিব নোৱাৰাত চৰকাৰৰ বিৰুদ্ধে ক্ষুদ্ধ হৈ পৰিছে সাধাৰণ জনতা । তাৰমাজতে পেট্ৰ’লৰ মূল্যবৃদ্ধি সম্পৰ্কে বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কৰা মন্তব্যৰ সৰ্ম্পকত জাঙুৰ খাই উঠিছে সৰ্বসাধৰণ জনতা ।