অসম

assam

মঙলদৈ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান

1994 চনৰ 9 জুনত মঙলদৈ বেগা নদীৰ পাৰত গঢ় লৈ উঠিছিল মঙলদৈ প্ৰেছ ক্লাব ৷ মঙলদৈ প্ৰেছ ক্লাবে গৌৰৱোজ্জ্বল 25 টা বৰ্ষত উপনীত হোৱা উপলক্ষে মঙলদৈ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী সমাৰোহ বৰ্ষজোৰাকৈ উদযাপন কৰিবলৈ মানস  কৰা হৈছে । শুভাৰম্ভণি অনুষ্ঠানটি 9 জুনত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । পুৱা 9 বজাত মঙলদৈ প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি আব্দুল খালেকে । ৰূপালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে স্থানীয় বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি গুৰুজ্যোতি দাসে । ইয়াৰোপৰি  24 খন পতাকা উত্তোলন কৰে কেইবাগৰাকী সাংবাদিকৰ লগতে জিলা খনৰ বিভিন্ন ক্ষেত্ৰত জড়িত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে।

By

Published : Jun 9, 2019, 11:08 PM IST

Published : Jun 9, 2019, 11:08 PM IST

ETV BHARAT

দৰং,9 জুন : মঙলদৈ প্ৰেছ ক্লাৱৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভণি ৷ বছৰযোৰা কাৰ্যসূচীৰে উদযাপন কৰা হ'ব ৰূপালী জয়ন্তী অনুষ্ঠান ৷

1994 চনৰ 9 জুনত মঙলদৈ বেগা নদীৰ পাৰত গঢ় লৈ উঠিছিল মঙলদৈ প্ৰেছ ক্লাব ৷ মঙলদৈ প্ৰেছ ক্লাবে গৌৰৱোজ্জ্বল 25 টা বৰ্ষত উপনীত হোৱা উপলক্ষে মঙলদৈ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তী সমাৰোহ বৰ্ষজোৰাকৈ উদযাপন কৰিবলৈ মানস কৰা হৈছে । শুভাৰম্ভণি অনুষ্ঠানটি 9 জুনত দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয় । পুৱা 9 বজাত মঙলদৈ প্ৰেছ ক্লাবৰ পতাকা উত্তোলন কৰে সভাপতি আব্দুল খালেকে । ৰূপালী জয়ন্তীৰ মূল পতাকা উত্তোলন কৰে স্থানীয় বিধায়ক তথা উদযাপন সমিতিৰ সভাপতি গুৰুজ্যোতি দাসে । ইয়াৰোপৰি 24 খন পতাকা উত্তোলন কৰে কেইবাগৰাকী সাংবাদিকৰ লগতে জিলা খনৰ বিভিন্ন ক্ষেত্ৰত জড়িত বহু কেইগৰাকী বিশিষ্ট ব্যক্তিয়ে।

মঙলদৈ প্ৰেছ ক্লাবৰ ৰূপালী জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠান

দিনৰ 12 বজাত অনুষ্ঠিত হয় সম্বৰ্ধনা অনুষ্ঠান। উক্ত অনুষ্ঠানত মঙলদৈৰ নৱনিৰ্বাচিত সাংসদ দিলীপ শইকীয়া, মঙলদৈ ব্ৰিলিয়াণ্ট একাডেমিৰ পৰিচালন সঞ্চালক ঋত্বিক চৌধুৰী, মঙলদৈ ৰঞ্জিত শৰ্মা একাডেমিৰ অধ্যক্ষ গিৰীন্দ্ৰ কুমাৰ শৰ্মা, ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত কৃৃৃতী শিক্ষক শশাংক হাজৰিকা, উচ্চতৰ মাধ্যমিক কলাত ক্ৰমে প্ৰথম খুছবু ফিৰদৌছ, চতুৰ্থ জুপিতৰাশৰ্মা, অষ্টম শ্ৰুতিষ্মিতা শৰ্মা, নৱম দীপাংকৰ দাস, প্ৰেছ ক্লাব পৰিয়ালৰ পৰা মানস প্ৰতিম বৰুৱা, শ্বেতা বৰুৱা, ভাস্বত কলিতা, দেৱাশিষ বৰুৱা আৰু তনবীৰ হামছাক সম্বৰ্ধনা জনোৱা হয় ।দিনৰ ভাগত অনুষ্ঠিত হোৱা ' সংবাদ মাধ্যম আৰু আধুনিক সমাজ ব্যৱস্থা'-বিষয় শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰে গুৱাহাটী দূৰদৰ্শনৰ বাতৰি বিভাগৰ উপ-সঞ্চালক অৰিন্দম বৰা, অসমীয়া খবৰৰ কাৰ্যবাহী সম্পাদক বিশ্বজিৎ দাসে।

ABOUT THE AUTHOR

...view details