অসম

assam

ETV Bharat / state

বিদ্যুতৰ নামত দৰঙৰ বহু গাঁৱত দুৰ্নীতি !

দৰঙৰ খাৰুপেটীয়া বিদ্যুত সংমণ্ডলৰ অন্তৰ্গত দলগাঁও সমষ্টিৰ বৰালি,মাগুৰমাৰী আদি চৰাঞ্চলত বৰ্তমানেও সংযোগ হোৱা নাই বিদ্যুৎ, এগছি চাকিৰ পোহৰতে দিন-ৰাতি চলিছে অঞ্চলবাসীয়ে

By

Published : May 18, 2019, 7:07 PM IST

বিদ্যুতৰ নামত দুৰ্নীতি দৰঙৰ বহু গাঁৱত

দৰং,১৮মে' : দৰঙৰ খাৰুপেটীয়া বিদ্যুত সংমণ্ডলৰ অন্তৰ্গত চৰাঞ্চলৰ বহু গাঁৱত বিদ্যুৎ সংযোগৰ নামত দুৰ্নীতি চলাৰ অভিযোগ স্থানীয় ৰাইজৰ। স্বাধীনতাৰ ৭০ বছৰ পিছতো বিদ্যুতৰ পোহৰ নেদেখিলে দলগাঁৱৰ চৰাঞ্চলৰ হাজাৰ-হাজাৰ জনতাই। ঘৰে-ঘৰে বিদ্যুৎ সংযোগ দিয়াৰ নামত দলগাঁও সমষ্টিৰ বৰালি,মাগুৰমাৰী আদি চৰাঞ্চলৰ পৰা দুই-তিনি বছৰ পূৰ্বে দৰিদ্ৰ লোকৰ পৰা ঠিকাদাৰে সংগ্ৰহ কৰিছিল ধন। কিন্তু অঞ্চলটোত তাঁৰবিহীন বিদ্যুতৰ খুটা আৰু সংযোগ বিহীন মিটাৰ দিয়েই দায়িত্ব সামৰিলে ঠিকাদাৰজনে। দুই-তিনি বছৰ পূৰ্বে বিদ্যুতৰ খুটা আৰু মিটাৰ দিয়া হ'ল যদিও অঞ্চলটোত বৰ্তমানেও সংযোগ কৰা নহ'ল বিদ্যুৎ। যাৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হয় অঞ্চলবাসীয়ে। ইফালে দীৰ্ঘদিন ধৰি চাকিৰ পোহৰত ছাত্ৰ-ছাত্ৰীসকলে অধ্যয়ন কৰিবলগীয়া হোৱাত ক্ষোভিত হৈ পৰে অঞ্চলবাসী। অতি শীঘ্ৰে চৰাঞ্চলৰ প্ৰতিঘৰতে বিদ্যুত সংযোগ কৰিবলৈ দাবী জনায় বৃহত্তৰ অঞ্চলবাসীয়ে।

বিদ্যুতৰ নামত দুৰ্নীতি দৰঙৰ বহু গাঁৱত

ABOUT THE AUTHOR

...view details