দৰং, 29 ছেপ্টেম্বৰ :দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ সভাপতিত্বত জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত বৃহস্পতিবাৰে জিলা পথ সুৰক্ষা সমিতিৰ এখন সভা অনুষ্ঠিত কৰা হয় । এই সভাত পথ দুৰ্ঘটনা হ্ৰাস কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ, ৰাষ্ট্ৰীয় ঘাইপথৰ ব্লেকষ্পট্সমূহত দুৰ্ঘটনা ৰোধ, জিলাখনৰ ভিতৰুৱা অঞ্চলৰ গুৰুত্বপূৰ্ণ পথসমূহত দুৰ্ঘটনা ৰোধ আদিৰ বিষয়ে বিস্তৃত্বভাৱে আলোচনা কৰা হয় ।
পথ দুৰ্ঘটনা ৰোধ কৰাৰ বাবে যুৱ প্ৰজন্মৰ মাজত সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় ৷ লগতে বাটৰ নাটৰ দৰে আদি কাৰ্যসূচীৰ জৰিয়তে সজাগতা বৃদ্ধিৰ বাবে ইতিপূৰ্বে সিদ্ধান্ত লোৱা হৈছিল । উক্ত সভাত এই কথা সদৰী কৰে দৰঙৰ জিলা আয়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেয়ে ৷
লগতে এই সভাত জিলা পৰিবহন বিষয়াই বৰ্তমানলৈকে গ্ৰহণ কৰা এনে সজাগতামূলক কাৰ্যসূচীৰ খতিয়ান দাঙি ধৰে । এনে সজাগতামূলক কাৰ্যসূচী আগন্তুক দিনবোৰত অধিক ব্যাপক কৰি তোলা হ'ব বুলি তেওঁ সভাত অৱগত কৰে । মঙলদৈৰ ট্ৰেফিক ছিগনেলসমূহত প্ৰয়োজনীয় লাইট, কৰ্তব্যৰত যানবাহন আৰক্ষীৰ বাবে উপযুক্ত শ্বেদ নিৰ্মাণৰ বাবে আগবাঢ়ি অহা বিত্তীয় প্ৰতিষ্ঠানে ইয়াৰ কামৰ অগ্ৰগতিৰ বিষয়ে সভাক অৱগত কৰে ।