দলগাঁৱৰ ৰাজপথত জ্বলিল প্ৰতীক হাজেলাৰ প্ৰতিমূৰ্তি - দৰং
এন আৰ চিৰ শুনানিত অংশগ্ৰহণৰ নামত দুটাকৈ বাছ দুৰ্ঘটনাত মৃত্যু তথা আহত হোৱা সকলক ক্ষতিপূৰ, ধৰ্মীয় সংখ্যালঘু লোকসকলক এন আৰ চিৰ পুনৰীক্ষণ নামত হাৰাশাস্তি বন্ধ কৰাৰ দাবীত 15 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে ইত্তেহাদ ফ্ৰন্ট অসম নামৰ সংগঠনটোৱে ৷
দৰং, 10 আগষ্টঃ দলগাঁৱত এন আৰ চিৰ পুনৰীক্ষণৰ নামত হাৰাশাস্তিৰ দাবী জনাই প্ৰতিবাদ সাব্যস্ত কৰে ইত্তেহাদ ফ্ৰন্ট অসমে । মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰতীক হাজেলাৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ এন আৰ চিৰ শুনানিলৈ যোৱা অৱস্থাত দুটাকৈ বাছ দুৰ্ঘটনা মৃত্যু তথা আহত হোৱা সকলক ক্ষতিপূৰ, ধৰ্মীয় সংখ্যালঘু লোকসকলক এন আৰ চিৰ পুনৰীক্ষণ নামত হাৰাশাস্তি বন্ধ কৰাৰ
দাবীতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ সাব্যস্ত কৰে দলটোবে ৷ শীঘ্ৰে দাবী সমূহ পূৰণ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ হুংকাৰ দিয়ে ইত্তেহাদ ফ্ৰন্ট নামৰ সংগঠনটোয়ে ৷