দৰং , 27 এপ্ৰিল: গণতন্ত্ৰৰ চতুৰ্থস্তম্ভক আক্ৰমণৰ ঘটনাৰ ৰাজ্যজুৰি প্ৰতিবাদ ৷ ক'লাবেজ পৰিধান কৰি দহটা সংগঠনৰ প্ৰতিনিধিয়ে সাব্যস্ত কৰে প্ৰতিবাদ ৷
দৰঙত সাংবাদিক আক্ৰমণৰ ঘটনাৰ প্ৰতিবাদ - ETV BHARAT
প্ৰতিবাদস্থলীত সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা দি অপৰাধীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই। পাথৰিঘাট ৰাজহ চক্ৰৰ সন্মুখত ক'লা বেজ পৰিধান কৰি অঞ্চলটোৰ দহটা সংগঠনৰ প্ৰতিনিধিয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়।
লগতে পঢ়ক : মুকালমুৱাত আক্ৰমণৰ বলি সাংবাদিক
সাংবাদিক আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে ৰাজ্যত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ। শনিবাৰে পাথৰিঘাটত দৰং জিলা ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ আৰু পশ্চিম দৰং প্ৰেছ ক্লাৱৰ যৌথ উদ্যোগত মুকালমুৱাৰ সাংবাদিক ৰাজেন ডেকা আৰু তিনিচুকীয়াৰ সাংবাদিক উপাসনা শৰ্মাক কৰা আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে অৱস্থান ধৰ্মঘট পালন কৰে। প্ৰতিবাদস্থলীত সাংবাদিক আক্ৰমণৰ ঘটনাক গৰিহণা দি অপৰাধীক গ্ৰেপ্তাৰ কৰি দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনাই। পাথৰিঘাট ৰাজহ চক্ৰৰ সন্মুখত ক'লা বেজ পৰিধান কৰি অঞ্চলটোৰ দহটা সংগঠনৰ প্ৰতিনিধিয়ে প্ৰতিবাদী কাৰ্যসূচীত অংশ লয়।