অসম

assam

অপ্ৰাদেশীকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সন্থাৰ সংবাদমেল

শুকুৰবাৰে মঙলদৈ প্ৰেছ ক্লাবত দলগাঁও খণ্ড অ-প্ৰাদেশীকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সন্থাৰ এক সংবাদমেল অনুষ্ঠিত হয় ৷ সন্থাটোৱে টিউটৰ নহয়, শিক্ষক হিচাপে মৰ্যাদা প্ৰদান কৰিবলৈ চৰকাৰক আহ্বান জনায় ৷

By

Published : Feb 13, 2021, 10:20 AM IST

Published : Feb 13, 2021, 10:20 AM IST

অপ্ৰাদেশীকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সন্থাৰ সংবাদমেল
অপ্ৰাদেশীকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সন্থাৰ সংবাদমেল

দৰং,13 ফেব্ৰুৱাৰী: শুকুৰবাৰে মঙলদৈ প্ৰেছ ক্লাবত দলগাঁও খণ্ড অ-প্ৰাদেশীকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সন্থাই অনুষ্ঠিত কৰে এক সংবাদমেলৰ ৷ সন্থাই চৰকাৰে নিৰ্দেশ দিয়া সিদ্ধান্ত সমূহৰ বিৰোধিতাৰে অনুষ্ঠিত কৰে এই সংবাদমেলৰ ৷ সন্থাৰ দাবী, টিউটৰ হিচাপে নহয় শিক্ষক হিচাপে তেওঁলোকক মৰ্যাদা প্ৰদান কৰক ৷

অ-প্ৰাদেশীকৃত বিদ্যালয়সমূহ বিলুপ্ত কৰাৰ চৰকাৰৰ পৰিকল্পনাৰ বিৰোধিতাৰে সৰৱ হৈছে এইসকল শিক্ষক ৷ বিদ্যালয় স্থাপন কৰা ৰাইজে বিদ্যালয়সমূহ বিলুপ্তি কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে থিয় হৈছে ৷ ফলত চৰকাৰক এই সম্বন্ধে পুনৰ বিচাৰ-বিবেচনা কৰিবলৈ আহ্বান জনাই অ-প্ৰাদেশীকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সন্থাই ৷

অপ্ৰাদেশীকৃত মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষক সন্থাৰ সংবাদমেল

উল্লেখ্য যে, চৰকাৰে এইসকল শিক্ষকৰ দাবী পূৰণ নকৰিলে গণতান্ত্ৰিক আন্দোলনৰ পথ বাচি লব বুলি মন্তব্য প্ৰদান কৰে ৷ আনকি নিজৰ প্ৰাপ্য বিচাৰি প্ৰয়োজনত আইনগতভাৱে আগবাঢ়ি যাব বুলি সকীয়নি প্ৰদান কৰে সন্থাটোৱে ৷

লগতে পঢ়কঃ২১ বছৰে অসম্পূৰ্ণ তৰুণ সংঘৰ প্ৰেক্ষাগৃহৰ নিৰ্মাণকাৰ্য

ABOUT THE AUTHOR

...view details