দৰং,১২ ছেপ্টেম্বৰঃযিসময়ত সমগ্ৰ দেশৰ লগতে অসমৰো ৰাষ্টা-ঘাট, দলঙৰ ক্ষীপ্ৰ উন্নয়নৰ ফলত যাতায়ত ব্যৱস্থা সুগম হৈ পৰিছে বুলি চৰকাৰী ভাৱে কোৱা হৈছে সেই একেটা সময়তে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে বহু গাওঁবাসীয়ে ৷
জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে ৰাইজক; কাণ-সাৰ নাই জনপ্ৰতিনিধিৰ - ছিপাঝাৰ আৰু মঙলদৈ সমষ্টি
এখন জৰাজীৰ্ণ কাঠৰ দলঙে জীয়াতু ভোগাইছে ছিপাঝাৰ আৰু মঙলদৈ সমষ্টিৰ সীমান্তৱৰ্তী গাঁওবাসীক । কাণসাৰ নাই জন-প্ৰতিনিধিৰ ।
এখন ভঙা কাঠৰ দলঙে জীয়াতু ভোগাইছে গাঁওবাসীক । দৰং জিলাৰ ছিপাঝাৰ আৰু মঙলদৈ সমষ্টিৰ সীমান্তৱৰ্তী শাকতোলা নদীৰ ওপৰত আছে এইখন দলং । বিগত ১৫ বছৰে জৰাজীৰ্ণ হৈ আছে এই দলঙখন । দলঙখনৰ অৱস্থা ক্ৰমাৎ শোচনীয় হৈ পৰিছে ৷ বহুসময়ত কেবাটাও দুৰ্ঘটনা সংঘটিত হৈছে বুলিও গাঁওবাসীয়ে জানিবলৈ দিছে।
জৰাজীৰ্ণ কাঠৰ দলঙখনে জীয়াতু ভোগাইছে বৃহত্তৰ ছিপাঝাৰ অঞ্চলটোৰ ১২ খনকৈ গাঁৱৰ ৰাইজক । ইতিমধ্যে,দলঙৰ পৰা পৰি আহত হৈছে কেইবাজনো লোক । বহু বাৰ দলং খন পুনৰ নিৰ্মাণৰ বাবে চৰকাৰক গাঁৱৰ ৰাইজে দাবী জনাই আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ সাধাৰণ ৰাইজৰ ৷সেয়েহে স্থানীয় গাওঁবাসীয়ে অতি শীঘ্ৰে পুনৰ এখন পকী দলং নিৰ্মাণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছে ৷