অসম

assam

ETV Bharat / state

কলাইগাঁও কাণ্ড : ৰামৰায়পাৰাত আৰক্ষীৰ অভিযান

ছিপাঝাৰৰ বানেইকুচি ৰামৰায়পাৰা গাঁৱত আৰক্ষীৰ অভিযান ৷ ৰমেশ চহৰীয়াৰ সন্ধানত এই অভিযান ৷ দিল্লীলৈ পলাই যোৱাৰ শংকা স্থানীয় ৰাইজৰ ৷ ৰমেশ চহৰীয়াৰ প্ৰৰোচনাতে ওদালগুৰি কাণ্ড সংঘটিত হোৱাৰ অভিযোগ ৷

By

Published : Jul 8, 2019, 4:49 PM IST

ৰামৰায়পাৰাত আৰক্ষীৰ অভিযান

ছিপাঝাৰ, 8 জুলাই : ওদালগুৰি কাণ্ডৰ অন্যতম অভিযুক্ত তান্ত্ৰিক ৰমেশ চহৰীয়াক বিচাৰি চলাথ কৰিছে আৰক্ষীয়ে ৷ সোমবাৰে দৰং আৰক্ষীয়ে ৰমেশ বাবাক বিচাৰি চলায় অনুসন্ধান । ছিপাঝাৰ পাথৰিঘাট আৰক্ষী চকীৰ অন্তৰ্গত বানেইকুচি ৰামৰায়পাৰা গাঁৱত থকা ঘৰত লুকাই থকাৰ বাতৰি পাই আৰক্ষীয়ে চলাইছিল অভিযান ৷ কিন্তু অভিযুক্ত ৰমেশ চহৰীয়াক বিচাৰি পোৱা নগ’ল ৷ ভণ্ড তান্ত্ৰিকগৰাকী দিল্লীলৈ পলাই যোৱাৰ শংকা ব্যক্ত কৰিছে স্থানীয় ৰাইজে ৷ উল্লেখ্য যে, শনিবাৰে কলাইগাঁৱৰ কুলশীপাৰ গাঁৱত সংঘটিত হোৱা ঘটনাত জড়িত থকাৰ অভিযোগ ৰমেশ বাবাৰ বিৰুদ্ধে ৷ ৰমেশ চহৰীয়াৰ প্ৰৰোচনাতে পৰিয়ালটোৱে উলংগ নৃত্য কৰি নৰবলি দিবলৈ উদ্যত হোৱাৰ অভিযোগ ৷ অভিযুক্ত বাবাৰ সন্ধানত আৰক্ষীয়ে চলায় আছে তীব্ৰ অভিযান ৷

ৰামৰায়পাৰাত আৰক্ষীৰ অভিযান

ABOUT THE AUTHOR

...view details