দলগাঁও, ১১জুন :ৰাজ্যজুৰি ড্ৰাগছ তথা বিভিন্ন অপৰাধ বিৰোধী অভিযান অব্যাহত থকাৰ সময়তে খাৰুপেটীয়া আৰক্ষীৰ জালত পৰিছে চাৰিজন জালনোট সৰবৰাহকাৰী(Fake currency suppliers) ৷ এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত জালনোটসহ বান্দিয়া চাপৰিৰ আলী হুছেইন,আমিৰুল ইচলাম,ৰাহুল আলী আৰু ইমানুল হক নামৰ চাৰিজন যুৱকক আটক কৰে আৰক্ষীৰ দলটোৱে ৷
খাৰুপেটীয়া আৰক্ষীৰ জালত জালনোট সৰবৰাহকাৰী - খাৰুপেটীয়া আৰক্ষী
খাৰুপেটীয়া আৰক্ষীৰ জালত পৰিছে চাৰিজন জালনোট সৰবৰাহকাৰী (Fake currency suppliers) ৷ চাৰি সৰবৰাহকাৰীৰ পৰা আৰক্ষীৰ দলটোৱে জালনোট বনোৱা প্ৰিন্টাৰ,কাগজ, চাৰিটা ম'বাইলৰ লগতে নগদ ১৩ হেজাৰ টকা জব্দ কৰে ৷
খাৰুপেটীয়া আৰক্ষীৰ জালত জালনোট সৰবৰাহকাৰী
ধৃত যুৱক চাৰিজনৰ পৰা জালনোট বনোৱা প্ৰিন্টাৰ,কাগজ, চাৰিটা ম'বাইলৰ লগতে নগদ ১৩ হেজাৰ টকা জব্দ কৰে খাৰুপেটীয়া আৰক্ষীয়ে । সম্প্ৰতি ঘটনা সন্দৰ্ভত খাৰুপেটীয়া আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
লগতে পঢ়ক:গণেশগুৰিত গ্ৰেপ্তাৰ 4 ড্ৰাগছ সৰবৰাহকাৰী