দলগাঁও, ৩১ অক্টোবৰ :দৰঙৰ ব্যৱসায়িক নগৰ খাৰুপেটীয়াৰ আলিয়ে গলিয়ে মুক্তভাবে বিচৰণ কৰা গাহৰিক লৈ শংকিত হৈ পৰিছে খাৰুপেটীয়া বাসী ৰাইজ । উল্লেখযোগ্য যে, নগৰখনৰ মাজ মজিয়াত থকা হৰিজন কলনিৰ একাংশ লোকে তেওঁলোকৰ পালিত গাহৰিবোৰ দিনে নিশাই এৰি থয় । ফলত এৰি দিয়া এই গাহৰিবোৰে খাদ্যৰ সন্ধানত জাকে জাকে নগৰৰ অলিয়ে গলিয়ে মাটি খান্দি এক কদৰ্যময় পৰিবেশ সৃষ্টি কৰি ৰাইজক অতিষ্ঠ কৰি তুলিছে ।
গাহৰিক লৈ শংকিত এটা অঞ্চলৰ ৰাইজ - ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ
খাৰুপেটীয়াত বীজাণু বাহক গাহৰিৰ মুক্ত বিচৰণ ৷ এৰাল দিয়া গাহৰিক লৈ শংকিত ৰাইজ । নাই কোনো নিমন্ত্ৰণ । নিৰব প্ৰশাসন ৷
দিনে ৰাতিয়ে নগৰৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথ, বিভিন্ন গলি আদিত নানা ৰোগৰ বীজাণু বাহক গাহৰি জাকে জাকে ঘুৰি ফুৰি জনস্বাস্থ্যৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰাৰ পিচতো কুম্ভকৰ্ণৰ নিদ্ৰাত খাৰুপেটীয়া পৌৰ সভাৰ বৰমূৰীয়া সকল । উল্লেখ্য যে বৰ্তমান নিমন্ত্ৰণহীন হৈ পৰা এই জাক জাক গাহৰি নিয়ন্ত্ৰণ কৰাৰ বাবে পৌৰ সভাৰ বৰমূৰীয়া তথা প্ৰশাসনে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত শংকিত হৈ পৰিছে স্থানীয় ৰাইজ । শংকিত ৰাইজে এই ক্ষেত্ৰত পৌৰ সভা তথা জিলা প্ৰশাসনক অতি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায় ।