বিধ্বস্ত পথঃ এম্বুলেঞ্চ নহয় ঠেলাত যায় ৰোগী - ৰোগী
জনপ্ৰতিনিধি গৰাকীক ৰাইজে পথটো মেৰামতিৰ বাবে বহু বাৰ আবেদন নিবেদন কৰি আহিছে যদিও এই পৰ্যন্ত কোনো সুফল পোৱা নাই অঞ্চলবাসীয়ে ৷
দৰং, 9 জুন: পুনৰ এম্বুলেন্সৰ সলনি ঠেলাত চিকিৎসালয়লৈ নিবলগীয়া হ'ল ৰোগী ৷ এই ঘটনা সংঘটিত হৈছে দৰঙৰ ছিপাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ঘোৰাশালৰ পৰা জনসেৱালৈ যোৱা পথত ৷ প্ৰত্যেক বাৰিষাতে পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ বাবে যমৰ যান্ত্ৰনা ভুগিব লগীয়া হৈছে স্থানীয় ৰাইজে ৷ একাঠু পৰ্যন্ত বোকা সৃষ্টি হোৱাৰ ফলত গাড়ী মটৰৰ যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ হৈ পৰিছে পথটোত ৷ তেনেস্থলত এম্বুলেন্স প্ৰবেশ কৰিব নোৱাৰা পথটোত শেষ ভৰষা ৰূপে ঠেলাৰেই প্ৰায় ডেৰ কিঃমিঃ পথ পৰিয়ালৰ লোকে চিকিৎসালয়লৈ নিব লগীয়া হ'ল মহেশ্বৰী দেৱী নামৰ ৰুগীয়া মহিলা গৰাকীক ৷ পথটোৰ জৰাজীৰ্ণ অৱস্থাৰ প্ৰতি ছিপাঝাৰৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই কোনে গুৰুত্ব নিদিয়াৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ জনপ্ৰতিনিধি গৰাকীক ৰাইজে পথটো মেৰামতিৰ বাবে বহু বাৰ আবেদন নিবেদন কৰি আহিছে যদিও এই পৰ্যন্ত কোনো সুফল পোৱা নাই অঞ্চলবাসীয়ে ৷ স্থানীয় বিধায়ক গৰাকী নিৰ্বাচনৰ সময়ৰ বাহিৰে বাকী সময়ত অঞ্চলটোত এবাৰো দেখিবলৈ পোৱা নাই বুলি অভিযোগ তুলিছে অঞ্চলবাসীয়ে ৷ ৰাজ্যৰ পৰিৱৰ্তনকামী চৰকাৰে গ্ৰাম্যঞ্চলৰ উন্নতিৰ ক্ষেত্ৰত কোনো পদক্ষেপ নোলোৱাৰ ক্ষোভ প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷