অসম

assam

By

Published : Jan 26, 2020, 12:56 AM IST

Updated : Jan 26, 2020, 12:36 PM IST

ETV Bharat / state

পথৰুঘাটে ৰিঙিয়াই ....!!

"পথৰুঘাটৰ ৰণ" তেনে এক ইতিহাস ৷ কৃষকৰ শোনিতেৰে ৰঞ্জিত ঐতিহাসিক ৰনথলী হৈছে দৰং জিলাৰ পথৰুঘাট ৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰী...দূৰ-দূৰণিৰ গাঁৱলীয়া কৃষক ৰাইজে খাজনা বৃদ্ধিৰ প্রতিবাদত দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ পথৰুঘাট নামৰ ঠাইখনত মিলিত হয় ৷ পৰৱৰ্তী সময়ত হিন্দু-মুছলমান কৃষকসকলে একলগ হৈ ৰাইজমেল পাতি খেতিয়কৰ নাঙলে প্রতি লগোৱা অন্যায়ৰ খাজনা কেতিয়াও ব্রিটিছক নিদিয়ে বুলি সিদ্ধান্ত লয় ৷

চিৰদিন প্ৰচাৰ বিমুখ হৈ ৰ'ব নিকি পথৰুঘাট ?
চিৰদিন প্ৰচাৰ বিমুখ হৈ ৰ'ব নিকি পথৰুঘাট ?

দৰং, 25 জানুৱাৰীঃ বুৰঞ্জীয়ে ঢুকি পোৱাৰে পৰা যিসমূহ মানৱ সভ্যতা ধ্বংসকাৰী যুদ্ধ-মহাযুদ্ধ সংঘটিত হৈছে, সেইসমূহৰ একমাত্ৰ কাৰণ সুখ-ভোগৰ লালসা ৷ এই লালসা পূৰণৰ বাবে ক্ষমতাশালী মানুহে শান্তিপ্রিয় ক্ষমতাহীন শ্রেণীৰ ওপৰত শোষণ আৰম্ভ কৰে ৷ যেতিয়াই শোষিত শ্রেণী অতিষ্ঠ হৈ ইয়াৰ প্রতিবাদ কৰিবলৈ লয় তেতিয়াই সৃষ্টি হয় সংঘাতৰ ৷ কোনো কোনো সময়ত এনে সংঘাতেই ৰূপ লয় মহাসমৰৰ .. আৰু কেতিয়াবা এইসংঘর্ষই এটা জাতিৰগৌৰৱোজ্জ্বল ইতিহাস ৰচে

"পথৰুঘাটৰ ৰণ" তেনে এক ইতিহাস ৷ কৃষকৰ শোনিতেৰে ৰঞ্জিত ঐতিহাসিক ৰণথলী হৈছে দৰং জিলাৰ পথৰুঘাট ৷ ১৮৯৪ চনৰ ২৮ জানুৱাৰী...দূৰ-দূৰণিৰ গাঁৱলীয়া কৃষক ৰাইজে খাজনা বৃদ্ধিৰ প্রতিবাদত দৰং জিলাৰ ছিপাঝাৰ অঞ্চলৰ পথৰুঘাট নামৰ ঠাইখনত মিলিত হয় ৷ পৰৱৰ্তী সময়ত হিন্দু-মুছলমান কৃষকসকলে একলগ হৈ ৰাইজমেল পাতি খেতিয়কৰ নাঙলে প্রতি লগোৱা অন্যায়ৰ খাজনা ব্রিটিছক কেতিয়াও নিদিয়ে বুলি সিদ্ধান্ত লয় ৷ ইয়াৰোপৰি ৰাইজে জিলাধিপতি এণ্ডাৰশ্যন আৰু মহকুমাধিপতি বেৰিংটনৰ ওচৰত খাজনা বৃদ্ধিৰ প্রতিবাদ জনাই ৷ বেৰিংটনৰ নির্দেশত পুলিচ বাহিনীয়ে জনতাক ছত্রভংগ দিয়াবলৈ লাঠীচালনা কৰে ৷ ৰাইজৰ মাজত উত্তেজনা বৃদ্ধি পোৱাত ব্রিটিছৰ অনুচৰ পুলিচ বাহিনীয়ে জনতাৰ ওপৰত গুলীবর্ষণ কৰে ৷ ৰাইজেও উত্তেজনাৰ বশৱর্তী হৈ বন্দুকৰ গুলীৰ প্রত্যুত্তৰ দিয়ে পথাৰৰ দলিচপৰা, কুঁহিয়াৰ, খৰি আদিৰে ৷ কিন্তু পুলিচৰ গুলীত ১৪০ জন কৃষকে প্রাণ দিয়াৰ লগতে চিৰদিনলৈ পংগু হয় বহুজন ৷

চিৰদিন প্ৰচাৰ বিমুখ হৈ ৰ'ব নিকি পথৰুঘাট ?

ব্ৰিটিছৰ শোষণ-বঞ্চনাৰ প্ৰতিবাদ কৰিবলৈ গৈ পথৰুঘাটতত সেইদিনা ১৪০জন নিৰীহ কৃষক ছহিদ হয় ৷ কিন্তু পথৰুঘাটৰ কৃষক ৰণ হিচাপে চিহ্নিত এই ঐতিহাসিক পথৰুঘাট আজিও অৱহেলিত। চৰম ত্যাগ আৰু আত্মবলিদানৰ তেজে ধোৱা ইতিহাসক পাহৰিলে স্বাধীন ভাৰতৰ চৰকাৰে ৷ ফলত উপেক্ষিত হৈ ৰ'ল পথৰুঘাট ৷

পাঞ্জাবৰ জালিয়ানৱাগৰ হত্যাকাণ্ড আৰু চিপাহী বিদ্ৰোহতকৈ কোনোধৰণে কম নাছিল পথৰুঘাটৰ ৰণ, কিন্তু চৰকাৰৰ টোকা বহিত নাম খোদিত নহ'ল পথৰুঘাটৰ ৰণৰ ,যাৰ বাবে আজিও চিৎকাৰ কৰি উঠে ছহিদৰ আত্মীয়ই ৷ স্বাধীনোত্তৰ কালৰে পৰা ঐতিহাসিক পথৰুঘাটৰ ৰণক উপযুক্ত স্বীকৃতি দিয়াত কৃপনালি কৰি আহিছে প্ৰতিখন চৰকাৰে ৷ প্ৰতিবছৰে ২৮ জানুৱাৰী আহিলে মনত পৰে ৰজা ঘৰৰ ৷ মাত্ৰ ২৮ জানুৱাৰী দিনতোত এগছ চাকি জ্বলাই দায়িত্ব সামৰে চৰকাৰে ৷

ৰজা ঘৰৰ অৱহেলাত চিৰদিন প্ৰচাৰ বিমুখ হৈ ৰ'ব নিকি পথৰুঘাট ? নে নৱ প্ৰজন্মৰ বাবে পাহৰণি হয় যাব পথৰুঘাট......

Last Updated : Jan 26, 2020, 12:36 PM IST

ABOUT THE AUTHOR

...view details