অসম

assam

ETV Bharat / state

মৃত্যুমুখী খাদী আৰু গ্ৰামোন্নয়ন বিভাগ

পৰিৱৰ্তনৰ কথা কৈ ক্ষমতালৈ অহা সোনোৱাল চৰকাৰৰ দিনত মৃত্যু ঘণ্টা বাজিছে চৰকাৰী খণ্ডৰ বিভিন্ন উদ্যোগ,নিগম,নিকায়ত ৷  সমান্তৰালকৈ চৰকাৰৰ বিয়াগোম খাদী আৰু গ্ৰামোন্নয়ন বিভাগটোও দিনে দিনে গতি কৰিছে মৃত্যুৰ মুখলৈ।

By

Published : May 3, 2019, 1:19 PM IST

মৃত্যুমুখী খাদী আৰু গ্ৰামোন্নয়ন বিভাগ

দৰং , 03 মেঃ গঞা মহিলাক স্ব-নিৰ্ভৰশীল কৰাৰ বাবে খাদী আৰু গ্ৰামোন্নয়ন বিভাগৰ যোগেদি বলিষ্ঠ পদক্ষেপ লোৱাৰ বিষয়ে বিজেপি চৰকাৰৰ নেতা মন্ত্ৰীসকলে সততে কৈ আহিছে। কিন্তু কথা আৰু কামৰ মাজত আকাশ পাতাল পাৰ্থক্য ৷দৰঙৰ হস্ত তাঁত বস্ত্ৰ শিল্প বিভাগৰ বয়ন সম্প্ৰসাৰণ কেন্দ্ৰটোত কৰ্মচাৰী সকলৰ বাবে নাই সামান্য সুবিধাকণো ৷ মংগলদৈৰ সহকাৰী সঞ্চালকৰ কাৰ্যালয়টোৰ অধীনস্থ বয়ন সম্প্ৰসাৰণ কেন্দ্ৰটো যিকোনো মুহূৰ্ততে ভাগি পৰিব পাৰে কৰ্মচাৰী সকলৰ মূৰৰ ওপৰত ৷

মৃত্যুমুখী খাদী আৰু গ্ৰামোন্নয়ন বিভাগ

লগতে পঢ়ক : কাশ্মীৰত সেনাৰ গুলীত নিহত হিজবুল মুজাহিদীনৰ সদস্য

অতি বিপদজনক দৰঙৰ নিজ ডাঁহীৰ সম্প্ৰসাৰণ কেন্দ্ৰটোৰ জৰাজীৰ্ণ গৃহটোত কাম কৰিছে বিভাগটোৰ 5 জনকৈ কৰ্মচাৰী আৰু একাংশ মহিলাই। যিকোনো মূহুৰ্ততে কৰ্মচাৰী আৰু মহিলা সকলৰ ওপৰত ভাগি পৰিব পাৰে গৃহটো। উৱলি যোৱা গৃহটোত বিদ্যুৎ ব্যৱস্থা নথকাকৈয়ে ব্যৱহাৰ কৰি থাকিবলগীয়া হৈছে কৰ্মচাৰী আৰু মহিলাসকলে। ইয়াৰোপৰি শৌচালয় নিৰ্মাণৰ বাবে বিশেষ আঁচনি প্ৰস্তুত কৰা বিজেপি চৰকাৰখনৰ দিনত এই চৰকাৰী কেন্দ্ৰটোত নাই কোনো শৌচালয় ৷ যাৰ বাবে লাজ মান কাটি কৰি প্ৰয়োজনত ওচৰৰ কোনো লোকৰ ঘৰলৈ যোৱাৰ বাহিৰে বিকল্প নাই চৰকাৰী কৰ্মচাৰীৰ।


বিভাগীয় মন্ত্ৰী ৰঞ্জিত দত্তৰ দায়িত্বহীনতা আৰু অৱহেলাৰ বাবে ধ্বংসমুখী ৰাজ্যৰ বয়ন সম্প্ৰসাৰণ কেন্দ্ৰ সমূহ। বিভাগটোৰ এই অৱস্থাৰ কথা জনালেও গুৰুত্ব নিদিয়ে মন্ত্ৰী অথবা সঞ্চালকে । সেয়ে সহকাৰী সঞ্চালকে কেন্দ্ৰটোৰ কৰ্মচাৰীসকলক গ্ৰামাঞ্চলৰ বয়ন কেন্দ্ৰ এৰি জিলা সদৰ কাৰ্যালয়লৈ যাবলৈ নিৰ্দেশ দিছে।

ABOUT THE AUTHOR

...view details