অসম

assam

ETV Bharat / state

Swine fever : দৰঙত গাহৰি পালকৰ কাষত মন্ত্ৰী অতুল বৰা

দৰঙৰ অকলিবাৰীত উপস্থিত পশুপালন মন্ত্ৰী অতুল বৰা (ATUL BORA) ৷ বিগত জুন মাহতেই গাহৰিৰ দেহত আফ্ৰিকান চোৱাই ফ্লু ধৰা পৰিছিল দৰঙৰ অকলিবাৰী গাঁৱত । তাৰপাচতে গাহৰি পালকৰ মাজত লাগিছিল হাহাকাৰ ।

By

Published : Jul 13, 2021, 9:38 PM IST

ATUL BORA AT DARRANG
দৰঙত গাহৰি পালকৰ কাষত মন্ত্ৰী অতুল বৰা

দৰং, 13 জুলাই : বিগত জুন মাহতে দৰঙৰ (DARRANG) অকলিবাৰীৰ গাহৰি পালক তীৰ্থ বড়োৰ গাহৰি ফ্ৰামৰ পৰা পৰীক্ষাৰ বাবে লৈ যোৱা গাহৰিৰ তেজ আৰু অংগত ধৰা পৰিছিল চোৱাই ফ্লু । তাৰপাচতে দৰঙত শ শ গাহৰিৰ (PIG) মৃত্যুৰ বাতৰি সবিস্তাৰে প্ৰচাৰ মাধ্যমত সম্প্ৰচাৰ হোৱাৰ পাচতে গাহৰি পালকৰ ফাৰ্মত গৈ মঙলবাৰে উপস্থিত হয় কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰা (ATUL BORA) ।

মন্ত্ৰী অতুল বৰাই অকলিবাৰীত গাহৰিৰ ফ্ৰাম (Pig farm) পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় ৷ ইয়াৰ লগতে ক্ষতিগ্ৰস্ত পালক সকলক ক্ষতি পূৰণৰ আশ্বাস প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে । ইপিনে এই মহামাৰী যাতে অইন কোনো ঠাইলৈ সংক্ৰমিত হ’ব নোবাৰে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিবলৈ দিয়ে পশুপালন মন্ত্ৰী গৰাকীয়ে ।

দৰঙত গাহৰি পালকৰ কাষত মন্ত্ৰী অতুল বৰা

তাৰপাছতে মন্ত্ৰী গৰাকীয়ে সদৰি কৰে যে, পৰৱৰ্তী সময়ত থলুৱা গাহৰিৰে ৰাজ্যৰ বজাৰ দখল কৰিব । সম্প্ৰতি দৰঙৰ অকলিবাৰী, বাঁহজনী আৰু বৰমপুৰ অঞ্চলক কন্টেইমেন্ট জ’ন হিচাপে ঘোষণা কৰিছে বিভাগটোৱে । উল্লেখযোগ্য যে, এই অঞ্চল কেইটাত তিনি মাহলৈ কোনো গাহৰি পালকে পুহিব নোৱাৰিব গাহৰি ।

তিনিমাহৰ পাচত বিশেষজ্ঞ দলে গাহৰি ফাৰ্ম সমূহ পুনৰ পৰীক্ষা কৰিব আৰু তেতিয়াহে পালক সকলে পুহিব পাৰিব গাহৰি । ইতিমধ্যে অকলিবাৰীৰ পৰা ১ কিঃ মিঃ ব্যাসাৰ্ধৰ অঞ্চলত সকলো গাহৰি হত্যা কৰি পুতি থোৱাৰ ব্যৱস্থা কৰিছে বিভাগটোৱে । আনহাতে সেই একেদৰে উক্ত অঞ্চলটোৰ ১০ কিঃ মিঃ ব্যাসাৰ্ধলৈকে বৰ্তমানে কোনেও গাহৰি পোহা বা গাহৰি মাংসৰ ব্যৱসায় কৰিব নোৱাৰিব বুলি বিভাগটোৱে উল্লেখ কৰিছে ৷

লগতে পঢ়কঃ মাছ মৰাৰ পাচতহে দীঘলীপুখুৰী পৰিস্কাৰ কৰিবলৈ মনত পৰিল বিভাগীয় কৰ্তৃপক্ষৰ

ABOUT THE AUTHOR

...view details