মঙলদৈত ৰাজ্যৰ প্ৰথমখন আত্মসাহয়ক গোটৰ সাপ্তাহিক বজাৰ - weekly market
শনিবাৰৰ উদ্বোধণ কৰা হ'ল ৰাজ্যৰ প্ৰথমখন আত্মসহায়ক গোটৰ সাপ্তাহিক বজাৰ । যিখন বজাৰত কেৱল মহিলা সকলেই সামগ্ৰী বিক্ৰী কৰিব পাৰিব। এই বজাৰ খনে মহিলা সৱলীকৰণৰ ক্ষেত্ৰত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে ৷
মঙলদৈ 7 জুনঃ শনিবাৰৰ পৰা আৰম্ভ হ’ল মঙ্গলদৈত এখন মহিলা সাপ্তাহিক বজাৰ। যিখন বজাৰত কেৱল মহিলা সকলেই সামগ্ৰী বিক্ৰী কৰিব পাৰিব। মহিলা সবলীকৰণৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰিব পাৰি এই বজাৰ খনৰ জৰিয়তে। প্ৰথম দিনৰ পৰাই ৰাইজৰ বিপুল সহাৰি দেখা গ’ল বজাৰ খনত ৷ মঙলদৈ পৌৰ সভাৰ অধীনত মহিলা আত্ম সহায়ক গোট তথা মহিলা উদ্যোগীৰ বাবে অসম ৰাজ্যিক নগৰীয়া জীৱিকা অভিযানৰ অধীনত মঙলদৈ চহৰৰ মাজ মজিয়াত আৰম্ভ হ’ল এই বৃহৎ মহিলা বজাৰ। মঙলদৈ পৌৰ সভাৰ অধীনত থকা 180 তা আত্ম সহায়ক গোটে অংশ গ্ৰহন কৰে বজাৰ খনত। মঙলদৈ চহৰৰ ক্লক টাৱাৰৰ(clock tower) পৰা জয়ন্ত হাজৰিকা উদ্যানৰ লৈকে৷ প্ৰতিটো আত্ম সহায়ক গোটে নিজৰ ঘৰত উৎপাদিত সামগ্ৰীৰ লগতে থলুৱা সামগ্ৰীও বিক্ৰী কৰিব লৈ আহে বজাৰ খনলে। এই সাপ্তাহিক বজাৰখনে মহিলা সকলক থলুৱা আৰু ঘৰুৱা উৎপাদিত সামগ্ৰী উৎপাদনত বিশেষ ভাৱে উৎসাহ জনাব। শাক পাচলি, থলুৱা গামোচা, লাৰু পিঠাৰ পৰা আৰম্ভ কৰি সকলো সামগ্ৰিৰ উপলব্ধ হব এই বজাৰ খনত। প্ৰতি শনিবাৰে অনুষ্ঠিত হ’ব লগীয়া এই বজাৰখন অসমৰ ভিতৰতে আত্ম সহায়ক গোট ৰ প্ৰথম সাপ্তাহিক বজাৰ। এই বজাৰ খন উদ্ধোধন কৰে বিধায়ক গুৰুজ্যোতি দাসে ৷