অসম

assam

ETV Bharat / state

কৃষি নীতিৰ অভাৱত লোকচানৰ সন্মুখীন দৰঙৰ কৃষক - কৃষি নীতিৰ অভাৱত লোকচানৰ সন্মূখীন দৰঙৰ কৃষক

লক ডাউনৰ অচিলাত খাৰুপেটীয়াত মাকৈ খেতিয়কৰ মুৰত ৰাম টাঙোন । বাইশ টকীয়া মাকৈৰ দাম কমি হ'ল এঘাৰশ টকা । কৃষি নীতিৰ অভাৱত লোকচানৰ সন্মুখীন কৃষক ।

কৃষি নীতিৰ অভাৱত লোকচানৰ সন্মূখীন কৃষক
কৃষি নীতিৰ অভাৱত লোকচানৰ সন্মূখীন কৃষক

By

Published : Jun 10, 2020, 4:44 PM IST

দলগাঁও, ১০ জুনঃচৰকাৰৰ উপযুক্ত কৃষি নীতিৰ অভাৱত দীৰ্ঘদিন ধৰি ব্যাপক লোকচানৰ সন্মূখীন হ'বলগীয়া হৈছে দৰঙৰ কৃষক সকল । উল্লেখ্য যে প্ৰতি বছৰে শাক পাচলি উৎপাদন কৰি ব্যাপক লোকচানৰ সন্মুখীন হৈ সৰ্বস্বান্ত হোৱা কৃষকসকলে বিগত কিছু বছৰ ধৰি পাচলিৰ সমান্তৰাল ভাৱে দৰঙৰ দলগাঁও সমষ্টিৰ বিভিন্ন অঞ্চলত আৰম্ভ কৰে উন্নত জাতৰ মাকৈ খেতি ৷

কৃষি নীতিৰ অভাৱত লোকচানৰ সন্মূখীন দৰঙৰ কৃষক

চলিত বৰ্ষত কম খৰচ আৰু কম শ্ৰম কৰি উৎপাদন কৰা মাকৈ উপযুক্ত দামত বিক্ৰী কৰি লাভৱান হোৱাৰ আশাৰে বাট চাই থকা অৱস্থাত ভূতৰ ওপৰত দানৱ পৰাদি আহিল কৰ'ণা ভাইৰাছ । বিশ্বজুৰি ত্ৰাস সৃষ্টি কৰা কৰ'ণা মহামাৰীৰ দোহাই দি খাৰুপেটীয়াৰ মাকৈ ব্যৱসায়ীসকলে অতি কম মূল্যত সহজ সৰল কৃষকৰ উৎপাদিত মাকৈ ক্ৰয় কৰাত হতাশাত ভাগি পৰে কৃষকসকল ।

কৃষকে জনোৱা মতে লক ডাউনৰ পূৰ্বে যি মাকৈ কুইন্টলে প্ৰতি ২০০০/২২০০ টকাত বিক্ৰী হৈছিল সেই মাকৈ বৰ্তমান কুইন্টলত ১০০০/১১০০ টকাত ক্ৰয় কৰিছে বেপাৰী সকলে। এই সন্দৰ্ভত মাকৈ খেতি কৰা যুৱ কৃষক ছকমান আলিয়ে কয়,"আগতে বিঘাই বিঘাই পাচলি খেতি কৰিছিলো । এইবাৰ লক ডাউনৰ বাবে পথাৰতে নষ্ট হৈছে বিভিন্ন ধৰণৰ পাচলি । বিকল্প হিচাপে কৰা মাকৈ খেতিৰ পৰা কিছু লাভৱান হম বুলি ভাবিছিলো যদিও লক ডাউনৰ বাবে আধা দামতে বেছিব লগীয়া হৈছে মাকৈ । অৰ্থাত বাইশ টকাৰ প্ৰতি কুইণ্টল মাকৈৰ বৰ্তমান দাম কমি হৈছেগৈ এঘাৰশ টকা । লক ডাউনৰ অজুহাতত বেপাৰীয়ে আধা দামতহে কিনিছে মাকৈ ।"

দৰঙত এতিয়া বিঘাই বিঘাই মাকৈ খেতি কৰা কৃষকসকল উপযুক্ত বজাৰ মূল্যৰ পৰা বঞ্চিত হৈছে,যাৰ বাবে খেতিয়কসকল হৈ পৰিছে দিশহাৰা ।

লগতে চাওকঃ বাঘজানৰ তৈলখাদ বিস্ফোৰণঃ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ প্ৰতিক্ৰিয়া

ABOUT THE AUTHOR

...view details