অসম

assam

ETV Bharat / state

চুলাই মদৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান

আৰক্ষীৰ অভিযানত জব্দ এহেজাৰৰো অধিক চুলাই মদৰ পেকেট

By

Published : Feb 24, 2019, 10:15 PM IST

আৰক্ষীৰ অভিযান

দৰং , ২৪ ফেব্ৰুৱাৰী: গোলাঘাট আৰু যোৰহাটত এতিয়া চুলাই মদৰ ট্ৰেজেডী । বিষাক্ত চুলাইমদ সেৱন কৰি প্ৰায় ডেৰ শতাধিক লোকৰ মৃত্যুৰ পাচতেই দৰঙৰখাৰুপেটীয়া আৰক্ষীয়ে চুলাই মদৰ বিৰুদ্ধে খাৰুপেটীয়াত অভিযান চলাই ।

আৰক্ষীৰ অভিযান

খাৰুপেটীয়া আৰক্ষীয়ে চুলাই মদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি খাৰুপেটীয়া নগৰৰ মাজমজিয়াত থকা বহু কেইটা মদৰ ঘাটি উচ্ছেদ কৰাৰ লগতে এহেজাৰৰো অধিক চুলাই মদৰ পেকেট জব্দ কৰে। ঘাটিৰ ভিতৰত থকা চুলাই মদ উদ্ধাৰৰ বাবে আৰক্ষীয়ে ঘৰৰ তলা ভাঙি বৃহত্‍ পৰিমাণৰ চুলাই মদ জব্দ কৰে যদিও অভিযানৰ সম্ভেদ পাই মদ ব্যবসায়ী সকল ঘটনাস্থলীৰ পৰা পলায়ন কৰে । একেদৰে দলগাঁও আৰক্ষীয়েকৌপাটি আৰু দলগাৱঁত থকা অবৈধ চুলাই মদৰ ঘাটিত অভিযান চলাই তিনিশৰো অধিক মদৰ পেকেট জব্দ কৰে ।

ABOUT THE AUTHOR

...view details