অসম

assam

ETV Bharat / state

অৱশেষত শান্ত হ'ল লাডেন - Laden elephant is transfer to Orang National park

লাডেনক কৃষ্ণলৈ সলনি কৰি নিশাৰ ভিতৰতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ ৷ লাডেনৰ সন্ত্ৰাসত আতংকিত শিলবাৰীৰ ৰাইজৰ বিৰুদ্ধে প্ৰতিবাদ ৷ অৱশেষত উপযুক্ত প্ৰশিক্ষণ আৰু মুক্ত ভাৱে বিচৰণ কৰিবলৈ নিদিয়াৰ প্ৰতিশ্ৰুতিত লাডেনক প্ৰৱেশ কৰোৱা হয় ৰাষ্ট্ৰীয় উদ্যান খনত ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ লাডেনৰ স্থানান্তৰ

By

Published : Nov 13, 2019, 2:55 PM IST

দলগাঁও, 13 নৱেম্ববৰঃ বৰ্তমানেও শেষ হোৱা নাই লাডেনৰ আতংক ৷ লাডেনক কৃষ্ণলৈ সলনি কৰি নিশাৰ ভিতৰতে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ স্থানান্তৰ ৷ সোমবাৰে গোৱালপাৰাৰ ৰংজুলি বনাঞ্চলৰ পৰা লাডেনক ট্ৰেংকুলাইজ কৰি বশ কৰাৰ পাছত এতিয়া বন্য হস্তীটোক স্থানান্তৰ কৰাৰ ক্ষেত্ৰত বিপাঙত পৰিছে বন বিভাগ ৷ কিয়নো লাডেনৰ সন্ত্ৰাসত আতংকিত হৈ পৰা ৰাইজে নিবিচাৰে তেওঁলোকৰ দাঁতি কাষৰীয়া অঞ্চললৈ লাডেনক স্থানান্তৰিত হোৱাটো ৷ যাৰ বাবে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত লাডেনৰ স্থানান্তৰ কৰাৰ খবৰ বিয়পি পৰাত ৰাজপথলৈ ওলাই আহে শিলবাৰীৰ সহস্ৰাধিক লোক ৷ অৱশেষত উপযুক্ত প্ৰশিক্ষণ আৰু মুক্তভাৱে বিচৰণ কৰিবলৈ নিদিয়াৰ প্ৰতিশ্ৰুতিত লাডেনক প্ৰৱেশ কৰোৱা হয় ৰাষ্ট্ৰীয় উদ্যান খনত ৷ লগতে সন্ত্ৰাস সৃষ্টি কৰা বন্য হস্তীটোক বন বিভাগৰ সম্পদ হিচাপে গঢ়ি তুলিব বুলি জানিবলৈ দিছে বিভাগৰ লোকে ৷ ইয়াৰোপৰি লাডেনক লৈ স্থানীয় ৰাইজক আতংকিত নহ'বলৈও আহ্বান জনাইছে বন বিভাগে ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ লাডেনৰ স্থানান্তৰ

উল্লেখ্য যে,গোৱালপাৰা জিলাত বিগত সময়ছোৱাত লাডেন নামৰ বন্য হস্তীটোৱে কেইবাজনো লোকৰ প্ৰাণ কাঢ়িছিল ৷ ইয়াৰ পাছতেই বন বিভাগে লাডেনক বশ কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰিছিল যদিও সফল হোৱা নাছিল ৷ অৱশেষত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত গোৱালপাৰা জিলা বন বিভাগেঅভিযান চলাইট্রেংকুলাইজ কৰিবলৈ সক্ষম হৈছিল লাডেন নামৰ বন্যহস্তীটোক ৷

লগতে পঢ়কঃৰাস মহোৎসৱত কৃষ্ণ বন্দনা গালে বিধায়িকা আঙুৰলতাই

ABOUT THE AUTHOR

...view details