অসম

assam

ETV Bharat / state

কৌপাটী চাহ বাগিচাত স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে ৰেপিড এন্টিজেন পৰীক্ষা - কৌপাটী চাহ বাগিচাত ৰেপিড এন্টিজেন টেষ্ট

কৌপাটী চাহ বাগিচাত স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে ৰেপিড এন্টিজেন পৰীক্ষা ৷ 10 জন শ্ৰমিকৰ দেহত কোভিড-19 মহামাৰীৰ উপস্থিতি ধৰা পৰিছে ৷ বাগিছাখনত ব্যাপক গণ-সংক্ৰমণৰ আশংকা কৰা হৈছে ৷

কৌপাটী চাহ বাগিচাত স্বাস্থ্য বিভাগৰ ৰেপিড এন্টিজেন পৰীক্ষা
কৌপাটী চাহ বাগিচাত স্বাস্থ্য বিভাগৰ ৰেপিড এন্টিজেন পৰীক্ষা

By

Published : Aug 13, 2020, 11:52 PM IST

দলগাঁও, 13 আগষ্ট :ৰাজ্যজুৰি একলাখ কোভিড-১৯ পৰীক্ষা সম্পন্ন কৰাৰ লক্ষ্যেৰে স্বাস্থ্য বিভাগে আৰম্ভ কৰিছে ৰেপিড এন্টিজেন পৰীক্ষা ৷ এই অভিযানৰ অংশ হিচাপে দৰং,ওদালগুৰি জিলাৰ সীমামূৰীয়া কৌপাটী চাহ বাগিচাতো আৰম্ভ কৰা হৈছে ৰেপিড এন্টিজেন টেষ্ট ৷

বাগিচাখনত ক্ৰমান্বয়ে আৰম্ভ হৈছে গণ-সংক্ৰমন ৷ বাগিচাখনৰ প্ৰায় ৩ হেজাৰ জনসংখ্যাৰ মাজত প্ৰায় ১২০০ শ্ৰমিক আছে ৷

কৌপাটী চাহ বাগিচা

বিগত সোমবাৰে বাগিছাখনৰ 10জন কোভিড পজিটিভ চিনাক্ত হোৱাৰ পিছত আজি ওৰাং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ কৰ্মচাৰীসকলে বাগিছাখনত উপস্থিত হৈ ৰেপিড এন্টিজেন পৰীক্ষা সম্পন্ন কৰে ৷ বাগিচাখনৰ শ্ৰমিকসকলে পৰীক্ষা কৰাবলৈ কৌপাটী চাহ বাগিচাৰ স্বাস্থ্য কেন্দ্ৰত ভিৰ কৰা পৰিলক্ষিত হয় ৷ কনন্টেইনমেন্ট জ'নত থকা ব্যক্তিসকলকো স্বাস্থ্যকৰ্মীসকলে নিয়মিতভাৱে সেৱা কৰি থকা পৰিলক্ষিত হৈছে ৷

কৌপাটী চাহ বাগিচাত স্বাস্থ্য বিভাগৰ ৰেপিড এন্টিজেন পৰীক্ষা

লগতে পঢ়ক :স্বতন্ত্ৰতা দিৱসৰ বাবে পূৰ্ণগতিত ভাৰতীয় সেনাৰ অনুশীলন

ABOUT THE AUTHOR

...view details