মৌচুমীয়ে আনিলে ৰাজ্যলৈ গৌৰৱ - মৌচুমী নাথে
প্ৰায় ৬ বছৰ বয়সৰ পৰাই পঢ়া শুনাৰ লগতে নিয়মিতভাৱে কাৰাটে অনুশীলন কৰি বিভিন্ন প্ৰতিযোগিতাত পাৰৰ্দশিতা অৰ্জন কৰি অহা মৌচুমী নাথে শেষতীয়াকৈ দিল্লীৰ তালকাটাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কাই চাবজুনিয়ৰ নেচনেল কাৰাটে চেম্পিয়নশ্বিপত সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনলৈ গৌৰৱ কঢ়িয়াই আনিছে
ছিপাঝাৰ, 4 জুলাইঃ দিল্লীৰ তালকাটাৰা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা কাই চাবজুনিয়ৰ নেচনেল কাৰাটে চেম্পিয়নশ্বিপত দৰঙৰ মৌচুমী নাথে সোণৰ পদক অৰ্জন কৰি ৰাজ্যখনৰ লগতে দৰঙলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে । ছিপাঝাৰ বি জে বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সপ্তম শ্ৰেণীৰ ছাত্ৰী মৌচুমী নাথৰ এই কৃতিত্বত উৎফুল্লিত হৈ পৰিছে সমগ্ৰ দৰংবাসী । প্ৰায় ৬ বছৰ বয়সৰ পৰাই পঢ়া শুনাৰ লগতে নিয়মিতভাৱে কাৰাটে অনুশীলন কৰি বিভিন্ন প্ৰতিযোগিতাত পাৰৰ্দশিতা অৰ্জন কৰি আহিছে ছাত্ৰী গৰাকীয়ে । কিন্তু গুৰুত্বপূৰ্ণ যে, ক্ষুদ্ৰ ব্যৱসায় আৰু সময়ে সময়ে হাজিৰা কৰি পোহপাল দিয়া মৌচুমীৰ পিতৃয়ে ছাত্ৰী গৰাকীক প্ৰশিক্ষণৰ দিব পৰা নাই উপযুক্ত সুবিধা । আনহাতে বিভিন্ন সময়ত কেতবোৰ আঁচনি ঘোষণাৰে গ্ৰাম্যাঞ্চলৰ খেলুৱৈ সকলক আগবঢ়াই নিয়াৰ প্ৰতিশ্ৰুতি দিয়া জনপ্ৰতিনিধিসকলৰ এজনৰো বৰ্তমানলৈকে খেলুৱৈ গৰাকীৰ খবৰ লবলৈ আহৰি হোৱা নাই । ইয়াৰ পাছতো মৌচুমীৰ পিতৃ-মাতৃয়ে নিজ কন্যাক সহায় কৰিবৰ বাবে জনপ্ৰতিনিধি আৰু বিভিন্ন মহললৈ কাতৰ আহ্বান জনাইছে ।