অসম

assam

ETV Bharat / state

দৰঙত প্ৰদৰ্শিত আছুৰ মানৱ শৃংখল - প্ৰতিবাদ

দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত বৃহস্পতিবাৰে প্ৰদৰ্শন কৰা হয় মানৱ শৃংখল ৷ নাগৰিকত্ব সংশোধনী আইন বাতিলকে ধৰি বহুকেইটা সমস্যা সমাধানৰ দাবীত আছুৰ সদস্যসকলে সাব্যস্ত কৰে এই প্ৰতিবাদ ৷

Human chain protest by aasu at darrang assam etv bharat news
আছুৰ মানৱ শৃংখল

By

Published : Oct 8, 2020, 6:57 PM IST

দৰং,8 অক্টোবৰ: সদৌ অসম ছাত্ৰ সন্থা আৰু 30 জনগোষ্ঠীয় সংগঠনৰ আহ্বানমৰ্মে নাগৰিকত্ব সংশোধনী আইন 2019 বাতিল, পৰিৱেশ প্ৰভাৱ নিৰূপণ অধিসূচনা বা EIA 2020 বাতিল আৰু অসম চুক্তিৰ 6 নং দফা ৰূপায়ণৰ বাবে উচ্চ পৰ্যায়ৰ সমিতিয়ে দাখিল কৰা প্ৰতিবেদন শীঘ্ৰে কাৰ্যকৰী কৰাৰ দাবীত সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ কৰ্মকৰ্তাসকলে মঙলদৈ চহৰত ৰূপায়ণ কৰে মানৱ শৃংখল কাৰ্যসূচী ৷

সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ সভাপতি খনিন্দ্ৰ ৰাজবংশী, সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য অৰূপ কলিতা, সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উপ-সভাপতি নিৰঞ্জন শইকীয়া, সাধাৰণ সম্পাদক পৰাগ কুমাৰ চহৰীয়া, সহকাৰী সম্পাদক সত্যৰঞ্জন ডেকা, প্ৰমোদ ডেকা, সাংগঠনিক সম্পাদক প্ৰাঞ্জল কলিতা, আন্তঃমঙলদৈ ছাত্ৰ সন্থাৰ সভাপতি অজয় শইকীয়াৰ লগতে বিভিন্ন আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক, দৰং আছুৰ বিষয়ববীয়াৰ নেতৃত্বত শতাধিক ছাত্ৰ কৰ্মীয়ে চৰকাৰ বিৰোধী শ্লোগানেৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে চাওকঃৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জনসংখ্যা নিয়ন্ত্ৰণ অভিযান আৰম্ভ

ABOUT THE AUTHOR

...view details