দৰং,4 মাৰ্চঃ দৰঙৰ বানেইকুছি মজলীয়া বিদ্যালয়ত বুধবাৰে সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি ৷ বিদ্যালয়খনৰ দ্বিতীয় শ্ৰেণীত পাঠদান কৰিবলৈ গৈ গজেন কলিতা নামৰ এগৰাকী শিক্ষকে শ্ৰেণীকোঠাৰ আচবাবসমূহ ভাঙি পেলোৱাক কেন্দ্ৰ কৰি বিদ্যালয়খনত সৃষ্টি হয় এই পৰিস্থিতি ৷ ঘটনাক কেন্দ্ৰ কৰি স্থানীয় ৰাইজ আৰু অভিভাৱকসকলৰ মাজত সৃষ্টি হৈছে প্ৰতিক্ৰিয়া ৷ ফলত স্থানীয় ৰাইজে গাঁওবুঢ়া আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতিৰ সৈতে সদলবলে উপস্থিত হয় বিদ্যালয়ত ৷ ৰাইজৰ উপস্থিতি দেখি খৰখেদাকৈ বিদ্যালয়ত উপস্থিত হয় গজেন কলিতাৰ পুত্ৰ আৰু পত্নী ৷ বিষয়টো সন্দৰ্ভত দুয়োপক্ষৰ মাজত খণ্ডযুদ্ধ হোৱাৰ লগতে শিক্ষকগৰাকীৰ পুত্ৰ ৰাজদ্বীপ কলিতায়ে গাঁওবুঢ়া ধনপতি বৰুৱাক প্ৰহাৰৰ চেষ্টা চলায় ৷
বিদ্যালয়খনত সৃষ্টি হোৱা এনে অৰাজক পৰিস্থিতিৰ আঁৰত তৃতীয় পক্ষ জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ সেইসূত্ৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক দানেশ্বৰ হাজৰিকাৰ অৱসৰ গ্ৰহণৰ বাবে আছে মাজত মাঁথো কেইটামান মাহ ৷ যাৰ বাবে সহঃ শিক্ষকসকলৰ মাজত প্ৰধান শিক্ষকৰ পদক লৈ সৃষ্টি হৈছে অঘোষিত প্ৰতিযোগিতা ৷ তাৰোপৰি বিদ্যালয়খনত শিক্ষাদানৰ বিপৰীতে অধিক সময় সুৰা-মঙহেৰে ভোজভাতৰ আয়োজন চলাৰ অভিযোগ উত্থাপিত কৰিছে স্থানীয় একাংশ ৰাইজে ৷ সূত্ৰ অনুসৰি, সমগ্ৰ কাৰুকাৰ্যৰ প্ৰমাণ মজুত আছে বিদ্যালয়খনৰ শিক্ষক গজেন কলিতাৰ ম’বাইল ফোনত ৷