অসম

assam

ETV Bharat / state

Free medical camp : দৰঙত বিনামূলীয়া চিকিৎসা শিবিৰ - দৰঙত বিনামূলীয়া চিকিৎসা শিবিৰ

দৰং কৰ্কট কেন্দ্ৰত বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন ৷ প্ৰায় 300 গৰাকী ৰোগীলৈ বিনামূলীয়া চিকিৎসা সেৱা প্ৰদান (Free medical camp in Darrang) ৷

Free medical camp in Darrang
দৰঙত বিনামূলীয়া চিকিৎসা শিবিৰ

By

Published : May 8, 2023, 11:16 AM IST

দৰঙত বিনামূলীয়া চিকিৎসা শিবিৰ

দৰং, 8 মে’ : দৰং কৰ্কট কেন্দ্ৰত অসম চিকিৎসা মহাবিদ্যালয়ৰ প্ৰাক্তন চিকিৎসক সংস্থা গুৱাহাটীৰ উদ্যোগত, দৰং কৰ্কট কেন্দ্ৰ আৰু দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ সহযোগত আয়োজন কৰা হয় এক বিনামূলীয়া চিকিৎসা শিবিৰৰ ৷ বিনামূলীয়া চিকিৎসা শিবিৰটো উদ্বোধন কৰে দৰং জিলা উপায়ুক্ত মুনিন্দ্ৰ নাথ ঙাটে । চিকিৎসা শিবিৰত মেডিচিন বিভাগ, স্ত্ৰী -প্ৰসূতি বিভাগ, চকু বিভাগ, গেস্ত্ৰ’ এনট্ৰকʼলজি বিভাগ, শিশু বিভাগ, হেমট্ৰ’লʼজি বিভাগৰ চিকিৎসক উপস্থিত থাকি প্ৰায় 300 গৰাকী ৰোগীলৈ ৰোগ সম্পৰ্কীয় চিকিৎসা সেৱা আগবঢ়োৱাৰ লগতে বিনামূলীয়া ঔষধ প্ৰদান কৰে (Free medical camp in Darrang)।

স্বাস্থ্য শিবিৰটোত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ মুৰব্বী চিকিৎসা বিষয়া ডাঃ সংগীত দত্ত, হেমট্ৰ’লʼজি বিভাগৰ মুৰব্বী চিকিৎসা বিষয়া ডাঃ জীনা ভট্টাচাৰ্য, ডাঃ অঞ্জনা চৌধুৰী, ডাঃ জীতা খাউণ্ড, ডাঃ দ্বীপশিখা কাকতি, ডাঃ পল্লৱী চৌধুৰী, ডাঃ উপসনা গোস্বামী, গুৱাহাটী বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ চিকিৎসক ডাঃ মানসা কাকুনজে, গুৱাহাটীৰ ডাঃ লুটফুৰ ৰহমান, ৰণ বৰুৱাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ পৰা অহা চিকিৎসা কৰ্মচাৰীসকলে চিকিৎসা সেৱা প্ৰদান কৰে (Free medical camp organized in Darrang)।

বিনামূলীয়া চিকিৎসা শিবিৰ শেষ হোৱাৰ পিচতে দৰং কৰ্কট কেন্দ্ৰত চিকিৎসকসকলৰ মাজত অন্তৰঙ্গ অনুষ্ঠান অনুষ্ঠিত হয় । চিকিৎসকসকলৰ মাজত অনুষ্ঠিত হোৱা অন্তৰঙ্গ অনুষ্ঠানত প্ৰথমে আদৰণি ভাষণ আগবঢ়ায় দৰং কৰ্কট কেন্দ্ৰৰ অধীক্ষক ডাঃ চৈয়দ ইফটিখাৰ চোভানীয়ে, দৰং কৰ্কট কেন্দ্ৰৰ কৰ্মচাৰী নিৰঞ্জন শইকীয়াই আঁত ধৰা অনুষ্ঠানটোত চিকিৎসকসকলক আদৰণি জনোৱাৰ লগতে দৰং কৰ্কট কেন্দ্ৰৰ ৰেডিঅ’শ্যন কনকলʼজিষ্ট ডাঃ মানস ৰঞ্জন সেনাপতিয়ে দৰং কৰ্কট কেন্দ্ৰত কৰ্কট ৰোগীসকলৰ বাবে উপলব্ধ সেৱা সন্দৰ্ভত উপস্থিত লোকক অৱগত কৰায় (Assam medical college) ।

দৰং জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডাঃ নিৰ্মল বেৰিয়াই অনুষ্ঠানটোত বক্তব্য আগবঢ়োৱাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ মুৰব্বী চিকিৎসা বিষয়া ডাঃ সংগীত দত্তয়ো বক্তব্য আগবঢ়ায় (Darrang cancer centre)।

লগতে পঢ়ক :Wrestlers protest: ব্ৰীজ ভূষণক গ্ৰেপ্তাৰৰ বাবে 21 মে’লৈকে সময় বান্ধি দিলে খাপ পঞ্চায়তে

ABOUT THE AUTHOR

...view details