অসম

assam

ETV Bharat / state

বহিঃৰাজ্যত উদ্ধাৰ অসমৰ চাৰি গৰাকী যুৱতী - প্ৰশাসনিক বিষয়া

হাৰিয়ানাত উদ্ধাৰ অসমৰ যুৱতী ৷ কামৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ লৈ যোৱা হৈছিল চাৰি গৰাকী যুৱতীক ৷ দিল্লী আৰক্ষীৰ সহযোগত উদ্ধাৰ ৷

Four women from Assam rescued in hariyana
বহিঃৰাজ্যত উদ্ধাৰ অসমৰ চাৰি গৰাকী যুৱতি

By

Published : Nov 4, 2020, 5:19 PM IST

দৰং, 4 নৱেম্বৰ :পুনৰ অসমৰ যুৱতীক উদ্ধাৰ বহিঃৰাজ্যত ৷ কৰ্ম সংস্থাপনৰ প্ৰলোভন দি বহিঃৰাজ্যলৈ নি দেহ ব্যৱসায়ৰ লগত জড়িত কৰোৱাৰ অভিযোগ ভুক্তভোগীৰ ৷

তথ্য অনুসৰি, কামৰ প্ৰলোভন দি দৰঙৰ নীলিমা খাতুন নামৰ মহিলা এগৰাকীয়ে শ্যামপুৰ থানাৰ অন্তৰ্গত 4 গৰাকী কিশোৰীক মাহে 10 হাজাৰ টকাৰ প্ৰলোভন দি হাৰিয়ানালৈ লৈ গৈছিল ৷ পৰৱৰ্তী সময়ত মহিলা গৰাকীয়ে 6 দিন ধৰি এটি গোপন কোঠাত কিশোৰী কেই গৰাকীক আবদ্ধ কৰি ৰাখি দেহ ব্যৱসায়ৰ লগত জড়িত কৰোৱাৰ অভিযোগ উত্থাপন হৈছিল ।

সখী প্ৰতিষ্ঠানৰ প্ৰশাসনিক বিষয়াৰ মন্তব্য

পৰৱৰ্তী সময়ত অভিযোগৰ ভিত্তিত দিল্লী আৰক্ষীয়ে গোপন খবৰৰ ভিত্তিত দৰং আৰক্ষীৰ লগত অভিযান চলাই আটাই কেইগৰাকী কিশোৰীক উদ্ধাৰ কৰি মঙলদৈৰ সখী নামৰ এক প্ৰতিষ্ঠানলৈ লৈ আহে । ইতিমধ্যে, আৰক্ষীয়ে মঙলদৈ আদালতত কিশোৰী কেইগৰাকীক হাজিৰ কৰাই তদন্ত অব্যাহত ৰখা বুলি জানিব দিয়ে সখী একক অৱস্থান কেন্দ্ৰৰ প্ৰশাসনিক বিষয়া গৰাকীয়ে ৷

লগতে পঢ়ক :জাৰ্মান কনছুল জেনেৰেলে সাক্ষাৎ কৰিলে কেৰালাৰ মুখ্যমন্ত্ৰীক

ABOUT THE AUTHOR

...view details