অসম

assam

ETV Bharat / state

বানে বিধ্বস্ত কৰাৰ আশংকাত ননৈ নদীক পূজা-অৰ্চনা গঞাৰ - বানে

কিমান আৰু মথাউৰি(Embankment) মেৰামতিৰ বাবে জলসম্পদ বিভাগ(Water resource) তথা চৰকাৰক আহ্বান জনাব । দৰঙৰ বৰমপুৰৰ নৈপৰীয়া ৰাইজৰ সমস্যাৰ বুজ ল'বলৈ আহৰি নাই ৰজাঘৰীয়াৰ । উপায়হীন হৈ ননৈ নদীক পূজা-অৰ্চনা আগবঢ়ালে ৰাইজে । বাৰিষাৰ প্ৰলয়ংকাৰী বানৰ পৰা ৰক্ষা পৰিবলৈ ঈশ্বৰৰ ওচৰত শৰণাপন্ন হ'ল নৈপৰীয়া ৰাইজ ।

Embankment issue at Darrang
ননৈ নদীক পূজা-অৰ্চনা বৰমপুৰৰ নৈপৰীয়া ৰাইজৰ

By

Published : Jun 17, 2021, 6:57 PM IST

দৰং, ১৭ জুন: জলসম্পদ বিভাগ(Water resource) তথা চৰকাৰৰ ওপৰত আস্থা হেৰুৱাইছে দৰঙৰ বৰমপুৰবাসীয়ে । বাৰম্বাৰ আহ্বান জনোৱাৰ পিছতো আজি পৰ্যন্ত ননৈ নদীৰ জৰাজীৰ্ণ মথাউৰি(Embankment) সঠিকভাৱে মেৰামতি নকৰিলে বিভাগীয় কৰ্তৃপক্ষই । কিছু অংশ মেৰামতি কৰিছে যদিও এতিয়াও মথাউৰিটোৰ বহু অংশ জৰাজীৰ্ণ অৱস্থাতে আছে ।

সেয়ে, পুনৰ ননৈ নদী(NONOI RIVER)ৰ বানে(FLOOD) সৰ্বস্বান্ত কৰাৰ আশংকাত ঈশ্বৰৰ ওচৰত শৰণাপন্ন হৈছে নৈপৰীয়া ৰাইজ । বৃহস্পতিবাৰে নদীৰ পাৰত নাম-কীৰ্তন, পূজা কৰি আসন্ন বিপদৰ পৰা ৰক্ষা কৰিবলৈ ভগৱানক আহ্বান জনালে বৰমপুৰবাসীয়ে ৷

ননৈ নদীক পূজা-অৰ্চনা বৰমপুৰৰ নৈপৰীয়া ৰাইজৰ

লগতে কলৰ ভুৰত চাকি, শৰাই আদি আগবঢ়াই ননৈ নদীত উটুৱাই দিয়ে ৷ প্ৰতি বছৰে এনেদৰে ননৈ নদীক ৰাইজে পূজা-অৰ্চনা কৰি আহিছে । গাঁৱৰ ৰাইজে বিশ্বাস কৰে যে, এনেদৰে নদীত পূজা আগবঢ়ালে ননৈ নদীয়ে কালৰূপ ধাৰণ নকৰে আৰু সকলো লোক সুৰক্ষিত হৈ থাকিব ।

আনহাতে, নৈপৰীয়া ৰাইজে বাৰে বাৰে অনুৰোধ জনোৱাৰ পাছতো সঠিকভাৱে মথাউৰিটো নিৰ্মাণ নকৰাত ৰাইজ ক্ষোভিত হৈ পৰিছে । কিয়নো বাৰিষা নদীত পানী বাঢ়িলে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে ।

জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা(Piyush Hazarika)ই ৰাজ্যৰ মথাউৰিৰ সবলীকৰণৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সময়তে ননৈৰ পাৰত বাস কৰা ৰাইজে এনেদৰে পূজা-অৰ্চনা কৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

লগতে পঢ়ক:বুঢ়ীদিহিং নৈৰ গৰাখহনীয়াক লৈ শংকিত নৈপৰীয়া ৰাইজ

ABOUT THE AUTHOR

...view details