অসম

assam

খাৰুপেটীয়াত ড্ৰগছজাতীয় সামগ্ৰীসহ আটক এজন

By

Published : Jun 14, 2020, 10:23 PM IST

দৰঙৰ খাৰুপেটীয়া হাস্পতাল ৰোডত অভিযান চলাই খাৰুপেটীয়া আৰক্ষীৰ এটা দলে 6 বটল ড্ৰাগছ জাতীয় কফ ছিৰাপ জব্দ কৰাৰ লগতে এজন অভিযুক্তক আটক কৰে ৷

drugs seized in kharupetia
drugs seized in kharupetia

দলগাঁও, 14 জুনঃএক বিশেষ সূত্ৰ অনুসৰি খাৰুপেটীয়া আৰক্ষী চকীৰ উপ পৰিদৰ্শক মন্টু বৰাৰ নেতৃত্বত এটা দলে, দৰঙৰ খাৰুপেটীয়া হাস্পতাল ৰোডত অভিযান চলাই 6 বটল ড্ৰাগছ জাতীয় কফ ছিৰাপ জব্দ কৰাৰ লগতে এজন অভিযুক্তক আটক কৰে ৷ আটকাধীন অভিযুক্ত জনৰ নাম আব্দুল ৰফিক বুলি জানিব পৰা গৈছে ৷

খাৰুপেটীয়াত ড্ৰগছজাতীয় কফ ছিৰাপসহ আটক এজন

আটকাধীন যুৱক জনৰ ঘৰ শোণিতপুৰ জিলাৰ উৰিয়ামগুৰি গাঁৱত ৷ এই কাৰ্যৰ লগত জড়িত অভিযোগী আব্দুল ৰফিকৰ সহযোগী খাৰুপেটীয়াৰ আব্দুল কাদিৰ নামৰ নামৰ ব্যক্তি গৰাকী বৰ্তমান পলাতক ৷ পলাতক অভিযুক্ত জনৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে, আটকাধীন আব্দুল কাদিৰক দেওবাৰে জেললৈ প্ৰেৰণ কৰে খাৰুপেটীয়া আৰক্ষীয়ে ৷

লগতে পঢ়কঃঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ বিৰুদ্ধে সৰৱ বিধায়ক অতুল বৰা

ABOUT THE AUTHOR

...view details