অসম

assam

ETV Bharat / state

পহিলা ব'হাগত এপাক নাচিলে সাংসদ দিলীপ শইকীয়াই

কি নগৰ, কি চহৰ সকলোতে ৰঙালীৰ উন্মাদনা ৷ সাধাৰণ জনতাৰ লগতে ৰাজনৈতিক নেতা সকলো ব্যস্ত হৈ পৰিছে ৰঙালীক উদযাপন কৰাত ৷ পহিলা ব'হাগৰ দিনটোত মঙলদৈস্থিত নিজ বাসগৃহত মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াইয়ো অনুষ্ঠিত কৰিলে বিহু ৷

পহিলা ব'হাগৰ দিনটোত এপাক নাচিলে দিলীপ শইকীয়াই
পহিলা ব'হাগৰ দিনটোত এপাক নাচিলে দিলীপ শইকীয়াই

By

Published : Apr 16, 2021, 6:37 AM IST

Updated : Apr 16, 2021, 9:39 AM IST

মঙলদৈ, 16 এপ্ৰিল :ৰাজ্যৰ চৌপাশে এতিয়া ৰঙালীৰ পাৰ ভঙা উচাহ ৷ সাধাৰণ জনতাৰ লগতে ৰাজনৈতিক নেতা সকলো ব্যস্ত হৈ পৰিছে ৰঙালীক উদযাপন কৰাত ৷ কি নগৰ, কি চহৰ সকলোতে ৰঙালীৰ উছাহ ৷ পহিলা ব'হাগৰ দিনটোত সকলোৱে এপাক নচাৰ সমান্তৰালভাৱে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়াইয়ো ঘৰতে অনুষ্ঠিত কৰিলে বিহু ৷ মঙলদৈস্থিত নিজ বাসগৃহত অনুষ্ঠিত কৰা বিহুৰ পৰাই সমূহ অসমবাসীলৈ বিহু তথা অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালে সাংসদগৰাকীয়ে ৷

পহিলা ব'হাগত এপাক নাচিলে সাংসদ দিলীপ শইকীয়াই

উল্লেখ্য যে, এই বিহু অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আহ্বান মৰ্মে অঞ্চলটোৰ জ্যেষ্ঠ লোকসকলক ক'ভিড ভেকচিন প্ৰদান কৰে ৷ মঙলদৈ অসামৰিক চিকিৎসালয়ৰ চিকিৎসক আৰু নাৰ্চসকলৰ সহযোগত 50 গৰাকী লোকক প্ৰথমপালি ভেকচিন প্ৰদান কৰে ৷ ইয়াৰ লগতে সাংসদ গৰাকীয়ে ৰাইজক ভেকচিন লোৱাৰ লগতে মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব মানি চলিবলৈ আহ্বান জনায় ।

আনহাতে, এই অনুষ্ঠানত বিশ্বজিৎ দৈমাৰী, গুৰুজ্যোতি দাস, বিজেপি প্ৰাৰ্থী পৰমানন্দ ৰাজবংশী, দিগন্ত কলিতা,মধুৰাম ডেকা আৰু দৰং জিলা বিজেপিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ৷

লগতে পঢ়ক: বহিঃৰাজ্যৰ পৰা অসমলৈ অহা ৰে’লযাত্রীৰ ক'ভিড পৰীক্ষা বাধ্যতামূলক

Last Updated : Apr 16, 2021, 9:39 AM IST

ABOUT THE AUTHOR

...view details