অসম

assam

ETV Bharat / state

ৰাম হৰিত উদ্ধাৰ মহিলাৰ মৃতদেহঃ স্বামীৰ বিৰুদ্ধে হত্যাৰ সন্দেহ

আজিৰ পৰা ডেৰ বছৰ পূৰ্বে মংগলদৈৰ বান্দীয়া চাপৰিৰ ফইনুউদ্দিন মণ্ডল নামৰ যুৱক এজনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল সোমবাৰে ৰাম হৰিত উদ্ধাৰ হোৱা মৃত মহিলা গৰাকী ৷ মৃত মহিলা গৰাকীৰ পিতৃৰ সন্দেহ,স্বামী ফইনুদ্দিনে হত্যা কৰিছে তেওঁৰ জীয়ৰীক ৷

মৃত মহিলা আৰু জীৱিত দেৱ শিশু
মৃত মহিলা আৰু জীৱিত দেৱ শিশু

By

Published : Mar 10, 2020, 11:01 AM IST

Updated : Mar 10, 2020, 12:39 PM IST

মংগলদৈ, 10 মাৰ্চঃ সোমবাৰে ৰাম হৰিত উদ্ধাৰ হোৱা মৃত মহিলা আৰু জীৱিত দেৱ শিশুটিৰ পৰিয়ালৰ লোক আহি মংগলদৈ অসামৰিক চিকিৎসালয়ত উপস্থিত হয় ৷ চাৰি দিন ধৰি ঘৰৰ পৰা সন্তানৰ সতে নিৰুদ্দেশ হৈ আছিল মহিলা গৰাকী ৷ মৃত মহিলা গৰাকী মংগলদৈৰ বাঘপৰিৰ আছফুলি খাতুন বুলি জানিব পৰা গৈছে ৷ আজিৰ পৰা ডেৰ বছৰ পূৰ্বে মংগলদৈৰ বান্দীয়া চাপৰিৰ ফইনুউদ্দিন মণ্ডল নামৰ যুৱক এজনৰ লগত বিবাহ পাশত আবদ্ধ হৈছিল মহিলা গৰাকী ৷ মৃত মহিলা গৰাকীৰ ঘৰৰ ওচৰৰে এজন যুৱকে ফেচবুকযোগে খবৰটো পাই তেওঁৰ পিতৃক অৱগত কৰাৰ লগে লগে নিশাই পৰিয়াল সহিতে উপস্থিত হয় চিকিৎসালয়ত ৷ মৃত মহিলা গৰাকীৰ পিতৃৰ সন্দেহ,স্বামী ফইনুদ্দিনে হত্যা কৰিছে তেওঁৰ জীয়ৰীক ৷

ৰাম হৰিত উদ্ধাৰ হোৱা মৃত মহিলা আৰু জীৱিত দেৱ শিশু

উল্লেখ্য যে,কিছুদিন পূৰ্বে স্বামী স্ত্ৰীৰ মাজত কাজিয়া লাগি স্বামী গৃহৰ পৰা পিতৃৰ গৃহলৈ গুচি আহিছিল আছফুলি খাতুন নামৰ মৃত অৱস্থাত উদ্ধাৰ হোৱা মহিলা গৰাকী ৷ চাৰিদিন পূৰ্বে পিতৃ কামলৈ বুলি ওলাই গৈ যোৱা পৰহি নিশা উপস্থিত হৈছিল নিজ ঘৰত ৷ পিতৃ কামত ওলাই যোৱাৰ দিনাই আছফুলিৰ স্বামীয়ে নিজ ঘৰলৈ বুলি লৈ গৈছিল আছফুলিক ৷ সেই সময়ত পিতৃৰ গৃহ কোনো উপস্থিত নাছিল বুলি জানিবলৈ দিয়ে পিতৃয়ে ৷ যি কথা গম পাইছিল চুবুৰীয়াৰ মুখে ৷ পৰহি নিশা আহিয়েই কন্যাক জোৱায়ে লৈ যোৱা বুলি জানি কালি নিশা পিতৃয়ে কন্যাৰ খবৰ ল'বলৈ বুলি জোঁৱাইৰ ঘৰত উপস্থিত হয় যদিও তাত কোনো এজনকে লগ নাপালে ৷ তাৰ পিচত পিতৃয়ে কন্যাক বিচাৰি বহু ঠাইত খবৰ লয় যদিও অৱশেষত চৰৰ এজন যুৱকে ফেচবুকযোগে খবৰটো পোৱাত পিতৃক সকলো কথা অৱগত কৰাত পিতৃ সহিতে কেইবাজনো লোক উপস্থিত হয় মংগলদৈ অসামৰিক চিকিৎসালয়ত ৷ ইতিমধ্যে ঘটনা সম্পৰ্কত মংগলদৈ থানাত এজাহাৰ দাখিল কৰিছে পিতৃয়ে ৷

লগতে পঢ়কঃবঙাইগাঁৱত আৰক্ষীৰ অভিযানত উদ্ধাৰ গোৱালপাৰাৰ পৰা অপহৃত যুৱকৰ মৃতদেহ

Last Updated : Mar 10, 2020, 12:39 PM IST

ABOUT THE AUTHOR

...view details