অসম

assam

ETV Bharat / state

মহিলাই বিনামূলীয়াকৈ বিতৰণ কৰিলে 300 মাস্ক - মাস্ক

মঙলদৈৰ ওগৰাকী মহিলাৰ প্ৰশংসনীয় কাম ৷ প্ৰায় 300 মানুহক বিনামূলীয়াকৈ বিতৰণ কৰিলে মাস্ক ৷

As_drg_02_masks distributes_10006
মঙলদৈৰ এগৰাকী মহিলাৰ প্ৰশংসনীয় পদক্ষেপ

By

Published : May 19, 2020, 1:13 PM IST

দৰং, 19মেঃ বিশ্বজুৰি ত্ৰাস সৃষ্টিকৰা ক‘ৰণা মহামাৰী প্ৰতিৰোধৰ কাৰনে দেশত লক ডাউন অব্যাহত আছে ৷ এই মহামাৰীত দৰং জিলাত এতিয়ালৈ কোনো আক্ৰান্ত হোৱা নাই আৰু গ্ৰীন জ‘নত অন্তৰ্ভুক্ত হৈ আছে ৷ কিন্তু শেহতীয়াভাৱে লক ডাউনৰ কিছু শিথিলতা আনি দিয়াৰ লগে লগে একাংশ লোকে বজাৰ সমাৰ কৰিবলৈ আহিছে যদিও কোনো নিয়ম নীতি পালন কৰা দেখা পোৱা নাই ৷

মঙলদৈৰ এগৰাকী মহিলাৰ প্ৰশংসনীয় পদক্ষেপ

বহু লোকে মাস্ক পিন্ধি নহাৰ বাবে এগৰাকী মহিলাই দাঙি ধৰিছে নিজৰ মহানুভৱতা ৷ মঙলদৈ চহৰত ক্ষুদ্ৰ ব্যৱসায় কৰি জীৱন নিৰ্বাহ কৰা নিবেদিতা ডেকা নামৰ মহিলা গৰাকীয়ে নিজ হাতে প্ৰায় তিনিশ মুখা তৈয়াৰ কৰি মুখা নিপিন্ধাকৈ অহা লোকক একোখন কৈ মুখা দিয়াৰ উপৰিও আৰক্ষীকো একোখনকৈ মাস্ক বিতৰন কৰি এটা বহল মনৰ পৰিচয় দাঙি ধৰে নিবেদিতা ডেকাই ৷ তেঁওৰ এনে কাৰ্যক সকলোৱে একে মুখে প্ৰশংসা কৰা পৰিলক্ষিত হৈছে ৷

লগতে পঢ়কঃ এহেজাৰ টকীয়া কেলেংকাৰীৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details