মঙলদৈ,26 নৱেম্বৰ : মঙলদৈ এন চি বান্দীয়া চাপৰিত যুৱতী হত্যা ৷ মাণিক আলি নামৰ যুৱক এজনে হত্যা কৰে চুফীয়া বেগম নামৰ যুৱতী গৰাকীক ৷ ঘটনা অনুসৰি চুফীয়া বেগম নামৰ যুৱতী গৰাকী দেওবাৰৰ পৰা নিৰুদ্দেশ হৈ আছিল ৷ নিৰুদ্দেশৰ বিষয়ে সোমবাৰে এজাহাৰ দাখিল কৰিছিল পৰিয়ালে ৷ হত্যাকাৰী মাণিক আলিয়ে নিজে মঙলদৈ থানত উপস্থিত হৈ নিজে হত্যা কৰাৰ কথা স্বীকাৰ কৰে ৷ মঙলদৈ আৰক্ষীয়ে বান্দীয়া চাপৰিত মাকৈ খেতি পথাৰত মৃতদেহ উদ্ধাৰ কৰে ৷ দুপাত্তাৰে ডিঙি চেপি হত্যা কৰাৰ কথা স্বীকাৰ হত্যাকাৰী মাণিক আলীৰ ৷ হত্যাকাৰীৰ স্বীকাৰোক্তিৰ মতে প্ৰেমজনিত কাৰণতে সংঘটিত হয় এই হত্যাকাণ্ড ৷ বৰ্তমানৰ আৰক্ষীৰ জিম্মাত হত্যাকাৰী মাণিক আলি ৷
প্ৰেমৰ বাবে মঙলদৈত যুৱতীক হত্যা - মঙ্গলদৈত যুৱতীক হত্যা
মঙলদৈৰ এন চি বান্দীয়া চাপৰিত চুফীয়া বেগম নামৰ এগৰাকী যুৱতী গৰাকীক হত্যা ৷ আৰক্ষীৰ ওচৰত আত্মসমপৰ্ণ হত্যাকাৰীৰ ৷
মঙ্গলদৈত যুৱতীক হত্যা