মংগলদৈ, 13 মাৰ্চঃ অভিযোগ অনুসৰি দৰং জিলাৰ মংগলদৈত অবৈধভাৱে চলি আছে 15 খনৰো অধিক হোমিঅ'পেথিক ফাৰ্মাচী ৷ চিকিৎসা বিদ্যা অবিহনেই একাংশ লোকে ভুৱাকৈ ৰোগীৰ চিকিৎসা চলোৱাৰ লগতে প্ৰদান কৰিছে ঔষধ ৷ চিকিৎসা বিজ্ঞানৰ কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা আৰু ৰাজ্যিক হোমিঅ' বৰ্ডৰ কোনো ধৰণৰ অনুজ্ঞা পত্ৰ অবিহনেই ৰোগীৰ জীৱনৰ লগত হেতালি খেলি আহিছে ফাৰ্মাচীসমূহে ৷ তথ্য অনুসৰি দৈনিক প্ৰায় 50 জনৰো অধিক লোকক চিকিৎসা প্ৰদান কৰা হয় এই ফাৰ্মাচীসমূহত ৷
অনুজ্ঞা পত্ৰ অবিহনেই মংগলদৈত চলিছে 15 খনৰো অধিক হোমিঅ'পেথিক ফাৰ্মাচী - অনুজ্ঞা পত্ৰ অবিহনেই চলিছে মংগলদৈৰ 15 খনৰো অধিক হোমিঅ' ফাৰ্মাচী
চিকিৎসা বিজ্ঞানৰ কোনোধৰণৰ আনুষ্ঠানিক শিক্ষা আৰু ৰাজ্যিক হোমিঅ'পেথিক বৰ্ডৰ কোনো ধৰণৰ অনুজ্ঞা পত্ৰ অবিহনেই দৰং জিলাৰ মংগলদৈত অবৈধভাৱে চলি আছে 15 খনৰো অধিক হোমিঅ'পেথিক ফাৰ্মাচী ৷

হোমিঅ'পেথিক
অনুজ্ঞা পত্ৰ অবিহনেই মংগলদৈত চলিছে 15 খনৰো অধিক হোমিঅ'পেথিক ফাৰ্মাচী
অভিযোগ অনুসৰি এনে ভুৱা চিকিৎসক আৰু অনুজ্ঞাপত্ৰ বিহীন ফাৰ্মাচীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণৰ বাবে বহুবাৰ লিখিত অভিযোগ দিয়াৰ পিচতো নিমাত জিলা ঔষধ পৰিদৰ্শকৰ কাৰ্যালয় ৷3
লগতে পঢ়কঃছাত্ৰ-ছাত্ৰী অবিহনেই চলিছে নলবাৰীৰ এখন চৰকাৰী বিদ্যালয়