দৰং,27 এপ্ৰিলঃ সীমিত সা-সুবিধাৰ মাজতো চিপাঝাৰ বুঢ়া আৰক্ষী চকীৰ কৰ্মৰত আৰক্ষী বিষয়াই সফলতা লাভ কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ অভিযানত ৷ শুকুৰবাৰে নিশা ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাৰ নেতৃত্বত চলা এক অভিযানত চোৰৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় এখন বলেৰ' পিক আপ ভান ।
ছিপাঝাৰৰ আৰক্ষীৰ অভিযানত উদ্ধাৰ এখন চুৰি বলেৰ' পিক আপ ভান - মহেন্দ্ৰ শৰ্মা
ছিপাঝাৰৰ বুঢ়া আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া মহেন্দ্ৰ শৰ্মাই শুকুৰবাৰে নিশা চোৰৰ কবলৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় এখন বলেৰ' পিক আপ ভান
উল্লেখ্য যে, AS 27C-3707 নম্বৰৰ মহিন্দ্ৰা কোম্পানীৰ বলেৰ' ভানখন ৰৌতাৰ পৰা গুৱাহাটী অভিমুখে আহি থকা অৱস্থাতে ছিপাঝাৰৰ নাৰিকলিত এটা দুৰ্বৃত্তৰ দলে অপহৰণ কৰে ৷ বলেৰ' চালকজনক দুৰ্বৃত্তই প্ৰহাৰ কৰি দেহৰ কাপোৰ খুলি অন্য এখন গাড়ীৰে জনশূন্য এলেকাত এৰি দিয়ে । পিচত ড্ৰাইভাৰ অজিত দেৱ নাথে আৰক্ষীক ঘটনাৰ সবিশেষ জনোৱাত আৰক্ষী বিষয়া মহেন্দ্ৰ শৰ্মাৰ নেতৃত্বত চলা অভিযানত বাহনখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় দলটোৱে ৷
আৰু পঢ়কঃ মাজুলীৰ 500 বছৰীয়া ঐতিহ্যত কালিকা সনা নাপিতৰূপী শিক্ষকৰ নিৰ্যাতন