লক ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ মংগলদৈ আৰক্ষী
জৰুৰীকালীন সেৱাৰ বাহিৰে যি সকল লোকে লক ডাউন উলংঘা কৰি মটৰ চাইকেল লৈ ওলাই আহিছে সেই সকল লোকৰ মটৰ চাইকেল জব্দ কৰিছে আৰক্ষীয়ে ৷
মংগলদৈ,31 মাৰ্চঃ লক ডাউন উলংঘাকাৰীৰ বিৰুদ্ধে কঠোৰ হৈছে মংগলদৈ আৰক্ষী ৷ মঙলবাৰে লক ডাউনৰ সপ্তম দিন ৷ এই সপ্তম দিনত মংগলদৈত দেখিবলৈ পোৱা গ'ল আৰক্ষীক কঠোৰ স্থিতি গ্ৰহণ কৰা ৷ জৰুৰীকালীন সেৱাৰ বাহিৰে যি সকল লোকে লক ডাউন উলংঘা কৰি মটৰ চাইকেল লৈ ওলাই আহিছে সেই সকল লোকৰ মটৰ চাইকেল জব্দ কৰিছে আৰক্ষীয়ে ৷ আনহাতে জৰুৰীকালীন সেৱাৰ এম্বুলেন্সত ক'লা গ্লাছ থকা বাহনো তালাচী চলাই এৰুৱাই পেলাইছে আৰক্ষীয়ে ৷ মাছ বেপাৰী সকলকো আৰক্ষীয়ে দিছে এক প্ৰকাৰ সকীয়নি ৷ মাছ ব্যৱসায়ীয়ে মাছ বিক্ৰী কৰাত আৰক্ষীয়ে পুতি পেলাই মাছ সমুহ ৷