অসম

assam

ETV Bharat / state

বেছিমাৰীত মূল্যবৃদ্ধি আৰু ভূমিনীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ - কংগ্ৰেছ প্ৰতিবাদ

বহিৰাগত বণিয়াক চৰকাৰে বিনা অনুমতি অসমৰ মাটি বেপাৰ-বাণিজ্যৰ বাবে ব্যৱহাৰৰ সুবিধা কৰি খিলঞ্জীয়াক ভূমিহীন কৰাৰ পন্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াছ আলিয়ে ৷

Dalgaon Congress Protest
বেছিমাৰীত মূল্যবৃদ্ধি আৰু ভূমিনীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

By

Published : Jul 4, 2020, 9:41 AM IST

দৰং, ৩ জুলাই :দৰঙৰ বেছিমাৰী ব্লক কংগ্ৰেছে শুকুৰবাৰে পে'ট্ৰল আৰু ডিজেলৰ অত্যাধিক মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদী কাৰ্যসূচীত দলগাঁও সমষ্টিৰ বিধায়ক ইলিয়াছ আলি উপস্থিত থাকি জাতি,মাটি,ভেটিৰ শ্ল'গানেৰে গাদী দখল কৰা বিজেপি চৰকাৰক তীৱ্ৰ ভাষাৰে সমালোচনা কৰে ৷

বেছিমাৰীত মূল্যবৃদ্ধি আৰু ভূমিনীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

বিধায়ক ইলিয়াছ আলিয়ে সমগ্ৰ বিশ্বতে খাৰুৱা তেলৰ মূল্য নিম্নগামী হোৱা সময়ত তথা লক ডাউনৰ ফলত সৰ্বসাধাৰণ লোক আৰ্থিক ভাৱে জুৰুলা হৈ পৰাৰ সময়তে পে'ট্ৰল,ডিজেলৰ মূল্য বৃদ্ধি কৰি সৰ্বসাধাৰণ ৰাইজক বিজেপি চৰকাৰে মাধমাৰ শোধাইছে বুলি কঠোৰ ভাষাৰে চৰকাৰক কটাক্ষ কৰে । জাতি,ভেটিৰ ৰক্ষক বুলি দম্ভালি মাৰা বিজেপি চৰকাৰৰ ভূমিনীতিৰ বিৰোধিতা কৰি বিধায়কগৰাকীয়ে বিজেপি চৰকাৰে সদায় খিলঞ্জীয়াৰ বিপৰীতে কাম কৰি বহিৰাগতক অগ্ৰাধিকাৰ দি আহিছে বুলি উল্লেখ কৰে । বিশেষকৈ যি সময়ত কৃষকে ভূমি ক্ৰয় বিক্ৰয়ৰ বাবে চৰকাৰৰ অনুমতি ল'বলগীয়া হৈছে তেনে সময়তে বহিৰাগত বণিয়াক চৰকাৰৰ বিনা অনুমতি অসমৰ মাটি বেপাৰ-বাণিজ্যৰ বাবে ব্যৱহাৰৰ সুবিধা কৰি চৰকাৰে খিলঞ্জীয়াক ভূমিহীন কৰাৰ পন্থা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে ৷ তেওঁ বিজেপি চৰকাৰ পুনৰ গাদীলৈ আহিলে ভৱিষ্যতে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব বিপদাপন্ন হৈ পৰিব বুলি চৰকাৰখনক সমালোচনা কৰে ।

বেছিমাৰীত মূল্যবৃদ্ধি আৰু ভূমিনীতিৰ বিৰুদ্ধে কংগ্ৰেছৰ প্ৰতিবাদ

এই প্ৰতিবাদী কাৰ্যসূচীত বেছিমাৰী ব্লক সভাপতি আতাউৰ ৰহমান,এন এচ ইউ আইৰ সমষ্টি কমিটিৰ সভাপতি জিল্লুল হক চৌধুৰীৰ লগতে বেছিমাৰী ব্লক কংগ্ৰেছj কৰ্মকৰ্তাসকল উপস্থিত থাকে ৷ প্ৰতিবাদকাৰীসকলে বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে বেছিমাৰী উন্নয়ণ খণ্ডৰ কাৰ্যালয়ত উপস্থিত হৈ খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰে ।

লগতে পঢ়ক : জয়ন্ত সিনহাৰ সংস্পৰ্শলৈ অহা 19 গৰাকীৰ দেহত কৰ'ণাৰ অৱস্থিতি

ABOUT THE AUTHOR

...view details