অসম

assam

By

Published : Dec 14, 2019, 6:42 PM IST

ETV Bharat / state

ৰাজ্যত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদী কাৰ্যসূচী

নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে মংগলদৈত আজিও অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী ৷ বাক্সাতো অব্যাহত আইন বিৰোধী প্ৰতিবাদ ৷

CAB PROTEST
অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী

মঙলদৈ, 14 ডিচেম্বৰ:নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতাৰে মঙলদৈত আজিও অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী ৷ আজি মংগলদৈ জিলা পুথিভঁৰাল প্ৰাংগণত সদৌ অসম ছাত্ৰ সন্থা,মংগলদৈ প্ৰেছ ক্লাৱ,অসম সাহিত্য সভা দৰং জিলা সমিতি আৰু সদৌ অসম কৰ্মচাৰী পৰিষদৰ জিলা সমিতিকে আদি কৰি কেইবাটাও দল-সংগঠনৰ উদ্যোগত পুৱাৰে পৰা 9ঘন্টীয়া গণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ৷ এই কাৰ্যসূচীৰ জৰিয়তে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সকিয়াই দিয়ে যে কোনো কাৰণতে জাতিধ্বংসী অভিহিত নাগৰিকত্ব সংশোধনী আইন অসমে মানি নলয় ৷ তেওঁলোকৰ দাবী,যদি এই আইন চৰকাৰে বাতিল নকৰে তেন্তে তেওঁলোকৰ আন্দোলন অনিৰ্দিষ্ট কাললৈ বৰ্তি থাকিব ৷

ৰাজ্যত অব্যাহত আছে কেব বিৰোধী প্ৰতিবাদী কাৰ্যসূচী

বাক্সা:ইফালে শুকুৰবাৰে নিশা বাক্সাতো অব্যাহত থাকিল নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ বাক্সা জিলাৰ তামুলপুৰ-ওদালগুৰি সংযোগী পথত টায়াৰ জ্বলাই স্থানীয় লোকসকলে প্ৰতিবাদ সাব্যস্ত কৰে ৷ শনিবাৰেও জিলা খনৰ ভাৰত ভূটান সীমান্তৰ কুমাৰীকাটাৰ আন্তঃৰাষ্ট্ৰীয় ঘাইপথত আছুকে ধৰি 30টা জাতীয় সংগঠনৰ নেতৃত্বত বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷

লগতে পঢ়ক:আছুক আৰ্থিকভাবে সহায়ৰ হাত তেজপুৰ বিশ্ববিদ্যালয় ছাত্ৰ-ছাত্ৰীৰ

ABOUT THE AUTHOR

...view details