অসম

assam

By

Published : Mar 6, 2021, 10:52 AM IST

ETV Bharat / state

8 মাৰ্চত প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বিপিএফে

দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 4 টা সমষ্টিক সাঙুৰি বিপিএফে 8 মাৰ্চত প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব ৷ এই কথা সদৰী কৰিছে দলটোৰ নেতা হাগ্ৰামা মহিলাৰীয়ে ৷ এইবেলি নিৰ্বাচনত বিপিএফে 12 খন আসন লাভ কৰাৰ লগতে মহাজোঁটে 70 খন আসন লাভ কৰিব বুলিও হাগ্ৰামা মহিলাৰীয়ে দাবী কৰে ।

As_drg_bpf-will-announce-fist-list-of-candidates-on-8-march_vis_as10006
8 মাৰ্চত প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব বিপিএফে

দৰং,6 মাৰ্চ: বিধানসভা নিৰ্বাচনৰ বাবে বিপিএফ দলেও অব্যাহত ৰাখিছে ৰাজনৈতিক তৎপৰতা ৷ শুকুৰবাৰে ওদালগুৰিৰ ধনশ্ৰী ব্লক বিপিএফৰ কাৰ্যালয়ত আয়োজন কৰা এক দলীয় সভাত অংশগ্ৰহণ কৰে বিপিএফৰ সভাপতি হাগ্ৰামা মহিলাৰীয়ে ৷ এই সভাতেই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে 4 টা সমষ্টিক সাঙুৰি বিপিএফে 8 মাৰ্চত প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিব বুলি প্ৰকাশ কৰে মহিলাৰীয়ে ৷

8 মাৰ্চত প্ৰথমখন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিব বিপিএফে

এইবেলি নিৰ্বাচনত বিপিএফে 12 খন আসন লাভ কৰাৰ লগতে মহাজোঁটে 70 খন আসন লাভ কৰিব বুলিও হাগ্ৰামা মহিলাৰীয়ে দাবী কৰে । বিটিচিৰ বাহিৰত বিপিএফে প্ৰাৰ্থী নিদি মহাজোঁটক সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ৷ বিটিচিৰ 12 টা সমষ্টিত মহাজোঁটত থকা দলক প্ৰাৰ্থী নিদিবলৈ আহ্বান কৰে হাগ্ৰামা মহিলাৰীয়ে । এই সভাত মাজবাট সমষ্টিৰ বিধায়ক চৰণ বড়ো, বিটিচিৰ এমচিএলএ ফ্ৰেচ মোছাহাৰী প্ৰমুখ্যে কেইবাগৰাকীও বিপিএফৰ শীৰ্ষ নেতা উপস্থিত থাকে ৷

লগতে পঢ়ক-ডিব্ৰুগড়ত ভাতৃৰ বাবে হেৰুৱালে টিকট !

ABOUT THE AUTHOR

...view details