অসম

assam

By

Published : May 8, 2022, 11:56 AM IST

ETV Bharat / state

President's Colour Award: মঙলদৈ আৰু বঙাইগাঁৱত অসম আৰক্ষীৰ ৰেলী

ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাবেৰে আৰু উৎকৃষ্ট মানবিশিষ্ট সেৱা আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মান (President colour award to Assam police) লাভ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষীয়ে ৷ 10 মে’ত গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এক অনুষ্ঠানত দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে (Union Home Minister Amit Shah) অসম আৰক্ষীক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব এই বিৰল সন্মান ৷ এই সন্মানৰ লগত সংগতি ৰাখি অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচীৰ ৷

President Colour Award
মঙলদৈ আৰু বঙাইগাঁৱত অসম আৰক্ষীৰ ৰেলী

মঙলদৈ/মাণিকপুৰ, 8 মে’ :অসম আৰক্ষীলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে এক বিৰল সন্মান ৷ ৰাষ্ট্ৰৰ প্ৰতি সমৰ্পিত মনোভাবেৰে আৰু উৎকৃষ্ট মানবিশিষ্ট সেৱা আগবঢ়োৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মান (President's colour award to Assam police)৷

অসম আৰক্ষীয়ে লাভ কৰা দেশৰ অন্যতম সামৰিক সন্মান ৰাষ্ট্ৰপতি কালাৰ সম্মানৰ লগত সংগতি ৰাখি অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে বিভিন্ন কাৰ্যসূচী (Celebration of winning President's Colour Award) । দেওবাৰে এই উপলক্ষে মঙলদৈ আৰু মানিকপুৰ আৰক্ষীয়ে আয়োজন কৰে এক বণাৰ্ঢ্য কাৰ্যসূচীৰ ৷

অসম আৰক্ষীৰ ৰেলী

অসম আৰক্ষীয়ে লাভ কৰা সন্মানীয় ৰাষ্ট্ৰপতি কালাৰ সম্মান বঁটা উদযাপন কৰাৰ বাবে মঙলদৈ আৰক্ষীয়ে বাহিৰ কৰে এক চাইকেল ৰেলী (Assam police Cycle Rally at Mangaldoi)৷

লগতে পঢ়ক :অসম আৰক্ষীৰ জাতীয় সংহতি মটৰ চাইকেল ৰেলীৰ দলক তিনিচুকীয়াত আদৰণি

এই লৈ আগন্তুক 10 মে’ তাৰিখে গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত এক বিশাল কাৰ্যসূচীৰ আয়োজন কৰিছে । দেওবাৰে পুৱা 6 বজাতে উলিওৱা এই ৰেলীত দৰঙৰ আৰক্ষী অধীক্ষক ৰাজমোহন ৰায়, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড৹ কমলাকান্ত বৰাকে ধৰি বহু বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ৷

অসম আৰক্ষীৰ ৰেলী

আনহাতে, আগন্তুক 10 মে’ত অনুষ্টিত হ’বলগীয়া অসম আৰক্ষীৰ এই বিশাল কাৰ্যসূচীৰ উপলক্ষে শনিবাৰে বঙাইগাঁও আৰক্ষীৰ উদ্যোগত আৰু মাণিকপুৰ আৰক্ষী প্ৰশাসনৰ সহযোগত আয়োজন কৰা হয় এক বাইক ৰেলীৰ (Assam police bike rally in Bongaigaon) । জিলা আৰক্ষী অধিক্ষক সপ্ননীল ডেকাই উদ্বোধন কৰা ৰেলীটো মাণিকপুৰ থানাৰ পৰা আৰম্ভ কৰি মাণিকপুৰ চাৰি আলি হৈ 31 নং ৰাষ্ট্ৰীয় ঘাইপথেৰে গৈ গেৰুকাবাৰী টহলদাৰী আৰক্ষী নিৰীক্ষণ চকীত ৰেলীৰ সামৰণি পৰে ।

উক্ত কাৰ্যসূচীত মানিকপুৰৰ কেবাটাও স্বেচ্ছাসেৱী সংস্থা লগতে গাঁওৰক্ষী বাহিনীয়ে অংশগ্ৰহণ কৰে । মানিকপুৰ বাইক ৰেলীৰ পিছত আৰক্ষী অধীক্ষকে অভয়াপুৰী আৰক্ষী থানাতো এখন বাইক ৰেলীৰ ব্যৱস্থা কৰা বৈছিল ৷ লগতে বঙাইগাঁৱৰ কেইবা ঠাইতো বাইক ৰেলীৰ লগতে বঙাইগাঁও আৰক্ষী আৰু চিৰাং আৰক্ষীৰ মাজত আয়োজন কৰা হয় এখনি প্ৰীতি ফুটবল খেলৰো ।

মঙলদৈ আৰু বঙাইগাঁৱত অসম আৰক্ষীৰ ৰেলী

লগতে পঢ়ক :President Colour Award : অসম আৰক্ষীলৈ ৰাষ্ট্ৰপতি কালাৰ সন্মান

ABOUT THE AUTHOR

...view details