দলগাঁও, 24 মেঃ বাঁহীবাদক, বিহু নৃত্যৰ লগতে বাংলা ছবিত অভিনয় কৰি জনপ্ৰিয়তা অৰ্জন কৰা শিল্পী আব্দুল ছালামৰ মৃত্যু হয় । উল্লেখযোগ্য যে, বাংলা "ৰাজু মস্তান" নামৰ ছবিখনত খলনায়কৰ ভূমিকাত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল আব্দুল ছালামে । প্ৰয়াত অভিনেতা আব্দুল ছালামৰ ঘৰ দৰং জিলাৰ দলগাৱঁৰ কোনাকাটা পাৰাত । শুকুৰবাৰে শিল্পী আব্দুল ছালামে তেজপুৰ মেডিকেল কলেজ হাস্পতালত মৃত্যুক আঁকোৱালি লয় ।
বাংলা ছবিৰ খলনায়ক আব্দুল ছালামৰ মৃত্যু - তেজপুৰ মেডিকেল কলেজ
বাংলা ছবি জগতৰ বলিষ্ঠ অভিনেতা আব্দুল ছালামৰ অকাল মৃত্যুত দলগাৱঁত শোঁকৰ ছা পৰিছে । দীৰ্ঘদিন ধৰি ডায়েবেটিচ আৰু কিডনী জনিত ৰোগত আক্ৰান্ত হৈ মৃত্যু মুখত পৰে শিল্পী গৰাকী ।
অভিনেতা গৰাকীৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে দলগাৱঁৰ কোনাকাটা পাৰাত শোকৰ ছাঁ পৰিছে । অভিনয়ৰ লগতে তেওঁ এগৰাকী জনপ্ৰিয় বিহু নৃত্য শিল্পীৰ লগতে বাঁহীবাদক আছিল । বিভিন্ন বিহু মঞ্চত বিহু নৃত্যৰে ৰাইজৰ মন মুহিবলৈ সক্ষম হৈছিল শিল্পী গৰাকীয়ে । উল্লেখ্য যে, দীৰ্ঘদিন ধৰি ডায়েবেটিচ আৰু কিডনী জনিত ৰোগত আক্ৰান্ত হৈ আছিল শিল্পী গৰাকী । মৃত্যুৰ সময়ত তেওঁ ইহ সংহাৰত এগৰাগী কন্যাৰ লগতে দুই পুত্ৰ আৰু পত্নীক এৰি থৈ যায় ।
লগতে পঢ়ক-ক’লাগুৰু বিষ্ণু প্ৰসাদ ৰাভাৰ সতীৰ্থ ৰবীন্দ্ৰ ৰাভাৰ দেহৱসান