দৰং ৪ মাৰ্চ: এখন সেউজ পৃথিৱীৰ সপোন তেওঁৰ। সেয়ে দৰঙৰ দেৱানন্দ গাঁৱৰ শৰৎ শৰ্মা নামৰ এইগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে নিজৰ পেঞ্চনৰ ধনেৰেই ৰোপণ কৰি আহিছে গছপুলি। চাকৰি কালৰ পৰাই শৰৎ শৰ্মাই একক প্ৰচেষ্টাৰে দৰং জিলাৰ লগতে অসমৰ বিভিন্ন অঞ্চলত গছ পুলি ৰোপণ কৰি আহিছে । কেৱল অসমতেই নহয়, বহিঃৰাজ্যৰ লগতে চুবুৰীয়া দেশ নেপালতো গছপুলি ৰোপণ কৰি এই লোকজনে দেখুৱাইছে প্ৰকৃতিৰ প্ৰতি নিজৰ দায়বদ্ধতা।
পেঞ্চনৰ ধনেৰে অবিৰতভাৱে ৰোপণ কৰি গৈছে গছপুলি ! - দৰঙ
দৰঙৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকৰ আদৰ্শ । সেউজ পৃথিৱী গঢ়াৰ লক্ষ্যৰে নিজৰ পেঞ্চনৰ ধনেৰেই ৰোপণ কৰি আহিছে গছপুলি ।
পেঞ্চনৰ ধনেৰে অবিৰতভাৱে ৰোপণ কৰি গৈছে গছপুলি
চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ পাছতো শিক্ষকগৰাকীয়ে বিৰতি নোহোৱাকৈয়ে পালন কৰি গৈছে প্ৰকৃতিৰ প্ৰতি থকা দায়িত্ব। বাৰ্ধক্যৰ ওচৰত কোনোদিনে হাৰ নামানি উদ্যমী ব্যক্তিজনে নিজৰ পেঞ্চনৰ ধনেৰেই প্ৰান্তে প্ৰান্তে ৰোপন কৰি আহিছে গছ।
যিসময়ত গোলকীয় উষ্ণতাকে ধৰি পৰিৱেশ প্ৰদূষণে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে, তেনে সময়তে শৰত শৰ্মাৰ এই প্ৰচেষ্ট নিশ্চয় প্ৰশংসনীয়।