অসম

assam

ETV Bharat / state

সামাজিক মাধ্যমত আলফাৰ প্ৰচাৰ কৰি আটক যুৱক

ৰাজ্যৰ নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফা (স্বা)ৰ বিষয়ে প্ৰচাৰ চলোৱাৰ অভিযোগত দৰং আৰক্ষীৰ হাতত আটক হৈছে এগৰাকী যুৱক ৷ যুৱকগৰাকী মঙলদৈৰ বিশ্বজিৎ ডেকা বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷

By

Published : Aug 21, 2020, 4:40 PM IST

Arrested youth by spreading post in support of ULFA on social media darrang assam etv bharat news
আলফাৰ প্ৰচাৰ কৰি আটক যুৱক

দৰং,21 আগষ্ট:সামাজিক মাধ্যমত নিষিদ্ধ ঘোষিত উগ্ৰপন্থী সংগঠন আলফাৰ সপক্ষে প্ৰচাৰ চলোৱাৰ অভিযোগত আৰক্ষীৰ হাতত আটক হ’বলগীয়া হৈছে দৰঙৰ এগৰাকী যুৱক ৷ শেহতীয়াভাৱে যুৱকগৰাকীয়ে আলফাৰ কিছু আপত্তিজনক তথ্য আপলোড কৰিছিল ফেচবুকত ৷ ইয়াৰ পিছত দৰং আৰক্ষীয়ে কৰায়ত্ত কৰে বিশ্বজিৎ ডেকা নামৰ যুৱকগৰাকীক ৷ তামুলীপাৰা গাঁৱৰ যুৱকগৰাকীক সম্প্ৰতি মঙলদৈ থানাত সোধ-পোছ চলাই থকা হৈছে ৷ আৰক্ষীয়ে যুৱকগৰাকীৰ পৰা জব্দ কৰিছে এটা ম’বাইল ফোন ৷ জব্দকৃত ম’বাইলটোৰ পৰা বহু তথ্য লাভ কৰিছে বুলি আৰক্ষীয়ে সদৰী কৰে ৷

আলফাৰ প্ৰচাৰ কৰি আটক যুৱক

ABOUT THE AUTHOR

...view details