দৰং,21 চেপ্তেম্বৰ:ৰাজ্যত পুনৰ তীব্ৰতৰ হোৱাৰ দিশে নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদ ৷ এই বিতৰ্কিত আইনখন বাতিলৰ দাবীত দৰঙৰ মঙলদৈত সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উলিয়াই এক বৃহৎ বাইক ৰেলী ৷ সংগঠনটোৰ দৰং জিলা সমিতিৰ উদ্যোগত তথা আঞ্চলিক সমিতিসমূহৰ সহযোগত বাহিৰ কৰা হৈছে এই ৰেলী ৷ মঙলদৈ জিলা পুথিভঁৰালৰ সন্মুখৰ পৰা বাহিৰ কৰা উক্ত বাইক ৰেলীটো মেনাপাৰা,ধূলা,চপাই,মুদৈবৰীৰ আহি মঙলদৈ চহৰত সামৰণি পৰে ৷
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বাইক ৰেলী - বাইক ৰেলী
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত দৰঙৰ মঙলদৈত সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে উলিয়াই এক বৃহৎ বাইক ৰেলী ৷ সংগঠনটোৱে শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইনৰ লগতে EIA 2020 খচৰা বাতিল কৰিবলৈ দাবী তোলে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ ওচৰত ৷
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বাইক ৰেলী
সংগঠনটোৱে শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইনৰ লগতে EIA 2020 খচৰা বাতিল কৰিবলৈ দাবী তোলে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ ওচৰত ৷ অন্যথা পৰৱৰ্তী সময়ত অধিক জংগী আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰাৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ উপদেষ্টা ভৱেশ কাকতিয়ে ৷ সোমবাৰৰ এই বাইক ৰেলীত সংগঠনটোৰ তিনি শতাধিক নেতা-কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷
লগতে চাওকঃঅহা 24 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ ভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা