দলগাওঁ, 16 এপ্ৰিল : খাৰুপেটীয়াৰ খগজানী গাৱঁত সংঘটিত হয় এক মৰ্মান্তিক পথ দুৰ্ঘটনা। খাৰুপেটীয়া থানাৰ অন্তৰ্গত খগজানী গাঁৱত এ এচ ১৩ এচি ০৪৫৮ নম্বৰৰ ট্ৰেক্টৰৰ চেপাত কৰুণ মৃত্যু হয় ইব্রাহীম আলী নামৰ ৮ বছৰীয়া কনমানি শিশুৰ । ঘটনা সন্দৰ্ভত জানিব পৰা মতে শিশুটিয়ে নিজ ঘৰৰ সন্মুখত পথৰ কাষত খেলি থকা অৱস্থাত গাওঁখনৰে এজন লোকৰ মাটি কঢ়িওৱা ট্ৰেক্টৰৰ চেপাত আঠ বছৰীয়া শিশু ইব্রাহীম আলীৰ কৰুণ ভাৱে মৃত্যু হয় ৷
ট্ৰেক্টৰৰ চেপাত 8 বছৰীয়া শিশুৰ কৰুণ মৃত্যু - কৰুণ মৃত্যু
খাৰুপেটীয়া থানাৰ অন্তৰ্গত খগজানী গাঁৱত এ এচ ১৩ এচি ০৪৫৮ নম্বৰৰ এখন ট্ৰেক্টৰৰ চেপাত ইব্রাহীম আলী নামৰ 8 বছৰীয়া কনমানি শিশুৰ কৰুণ মৃত্যু । দুৰ্ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা পলায়ন চালকৰ ৷
ট্ৰেক্টৰৰ চেপাত কৰুণ মৃত্যু ৮ বছৰীয়া শিশুৰ
ইফালে দুৰ্ঘটনা সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা চালকজনে পলায়ন কৰে । ঘটনাৰ সন্দৰ্ভত অৱগত হোৱাৰ পাছতে খাৰুপেটীয়া আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনা সংঘটিত কৰা ট্ৰেক্টৰখন থানালৈ লৈ যায় । ইফালে মৃত শিশুটিৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মঙলদৈ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে আৰক্ষীয়ে । শিশুজনৰ অকাল মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷
লগতে পঢ়ক :পৰিয়ালৰ সৈতে সাপ্তাহিক বন্ধৰ আনন্দ লৈছে কৰীণা কাপুৰে